Posts

ড° লীলা গগৈ: সোঁৱৰণ

ড° লীলা গগৈ:  সোঁৱৰণ সৰুতেই ঠিক চতুৰ্থমানতেই  জীৱনত প্ৰথমবাৰলৈ নিজৰ পাঠ্যপুথিৰ বাহিৰৰ এখন কিতাপৰ সৈতে পৰিচয় হৈছিলোঁ - " জয়মতী কুঁৱৰী আৰু মূলা গাভৰু " ৷ লিখক আছিল লীলা গগৈ ৷ তেখেতেই আছিল ড° লীলা গগৈ ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা ১৯৯৪ চনৰ অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰা এইজনা পণ্ডিতৰ জন্ম হৈছিল ১৯৩০ চনৰ ২৫ নৱেম্বৰৰ দিনা ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ চেৰেকাপাৰত ৷      বুৰঞ্জীবিদ হিচাপে তেখেতৰ সমাদিত, জনপ্ৰিয় গ্ৰন্থখন হ'ল " বেলি মাৰ গ'ল " ৷ ইয়াৰ উপৰিও তেখেতে অসমীয়া সাহিত্যলৈ আগবঢ়াই যোৱা ৰচনাসমুহ হ'ল - বুৰঞ্জীয়ে পৰশা নগৰ,  হেৰোৱা দিনৰ কথা, বুৰঞ্জী সাহিত্য,  বুৰঞ্জীয়ে কথা কয়, শৰাইঘাটৰ যুদ্ধৰ কথা ৷ গৱেষণামূলক গ্ৰন্থহিচাপে তেখেতৰ ৰচনাসমুহ:  আহোম জাতি আৰু অসমীয়ী সংস্কৃতি,  বিহু: এটি সমীক্ষা,  অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা,  সাহিত্য-সংস্কৃতিৰ বুৰঞ্জী,  অসমীয়া লোকগীত,  অসমীয়া সংস্কৃতি   ৷ উপন্যাসিক হিচাপে:  নৈ বৈ যায়,  নীলাখামৰ চিঠি,  ডকাইত কোন আৰ...

ইয়াতে এখন নদী আছিল — সঞ্জীৱ বৰুৱা

" আমি জানো কি বেদনা অসংখ্যৰ মৃত্যুৰ সেতু তাৰ ওপৰেদি জীৱনৰ সৰীসৃপ আহিছে বগাই আৰু বা বিলৈ আছে কোনে ক'ব এই এটা সাধু আজিওতো শেষ হোৱা নাই  | "                           - নৱকান্ত বৰুৱা ইয়াত এখন নদী আছিল — সঞ্জীৱ বৰুৱা _____________________________ ইয়াতে এখন নদী আছিল সোণালী পাথৰত বাখৰ খটোৱা পানীৰ সোৱাদ ভাৱিব নোৱাৰাকৈ লুণীয়া। এটা সময় আছিল যাৰ বক্ষত আমি দেখিছিলো জীৱনৰ শলিতা। তেওঁ বিচৰা ক্ষণত আমিবোৰ যাত্ৰীকৰ যাত্ৰাৰ পথিক নগ্ন পৃথিৱীৰ এক আধালেখা দস্তাবেজ । তাৰ পাছতো নদীখনে ৰিঙিয়াইছিল   মোক অলপ উশাহ দিয়া..... সেই সময়তো আমিবোৰ হৈ পৰিছিলো পলৰীয়া, জীৱনৰ পৰা জীৱাষ্মৰলৈ ৰুপান্তৰ! এতিয়া নদীখনৰ মৰিশালীটোক মই মাতো তেওঁ মেঘৰ দেশৰ পৰা মোলৈ চাই  মই জানো মই হৈ আছো! ক'ত পাম সেই নদীখন , আৱেগ ক্ষণস্থায়ী নে চাকনৈয়াৰ এটি উশাহত নদীখনেও বিদায় ললে ! ( বহুদিন হ'ল একো নিলিখা, বন্ধু প্ৰাণজিতৰ বাবে লিখিবলৈ চেষ্টা কৰিলোঁ ৷ )

আলি আয়ে লিগাং : বিশ্বাস আৰু পৰম্পৰা — সঞ্জীৱ বৰুৱা, শিৱসাগৰ

চাৰিওফালে প্ৰাকৃতিক ভাৱে নান্দনিক ৰূপত সজীৱ হৈ থকা এই সুবিশাল অসমভূমিৰ মিছিং সকল অন্যতম প্ৰধান জনগোষ্ঠী ৷ নদী মাতৃক দেশ অসম ৷ ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং,সোৱণশিৰি, ধনশিৰি, দিহং, খেৰসুতী, ঘূণাসূঁতি আদি নৈৰ সমূহৰ পলসুৱা ভূমি অঞ্চলতেই এই জনজাতীয় ভাইসকলৰ প্ৰধান বসতিস্থল ৷          অসমৰ প্ৰতিটো জনগোষ্ঠীৰে অধিকাংশ উৎসৱ কৃষি লগত সম্পৰ্কীয় ৷  প্ৰকৃতিৰ বুকুত নাঙলেৰে কৰ্ষণ কৰাৰ আগতেই প্ৰকৃতিৰ সন্তুষ্টিৰ কাৰণে নিজস্ব পদ্ধতিৰে নৈব্যদ্য আগবঢ়াই ৰঙ আনন্দ কৰাটো চিৰাচৰিত প্ৰথা ৷ মিছিং সকলৰো আলি আয়ে লিগাং তেনে একপ্ৰকাৰৰ কৃষিভিত্তিক প্ৰধান জাতীয় উৎসৱ ৷ মিছিং ভাষাত আলি মানে শস্যৰ বীজ , আয়ে ফল, লিগাং মানে ৰোপণ বা সিঁচা কাৰ্য্য ৷ ফাগুন মাহৰ প্ৰথমজাক বৰষুণৰ লগে লগে প্ৰকৃতিৰ বুকুত ন কুঁহিপাতে গজালি মেলে ৷ লাহে লাহে বসন্ত ঋতুৰ আগমনে সকলোৰে মনত আনন্দৰ লহৰে গা কৰি উঠে ৷ এনে সন্ধিক্ষণত ফাগুনৰ প্ৰথম বুধবাৰৰ দিনা মিছিং সকলে আলি আয়ে লিগাং উদযাপন কৰে ৷ তেওঁলোকৰ দৃষ্টিত ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অতি প্ৰৱিত্ৰ দিন ৷ অৱশ্যে পূৰ্বে সকলো মিচিং সমাজত একেদিনাই আলি-আয়ে-লৃগাং পতা নাছিল। মিচিং বা...

মে দাম মে ফীৰ প্ৰাকক্ষণত আমাৰ দ্বায়বদ্ধতা আৰু কৰণীয় - এক চমু আলোকপাত — সঞ্জীৱ বৰুৱা, শিৱসাগৰ

খ্ৰুপতাঙ বয় মৗ চাও কাও ঐ,  বয় তাঙ চূ চাও খাও ফা ছাঙ ফী তাঙ লাই,  পুলিন, পুমন,  পুনাই, জনাই দাম বয় চূ খাও,  বয় তাঙ চূ চাও চাও ফা চাম তাঞ ৰা প তাঙ লাই,  বয় তাঙ ছাম ম ম্যুঙ বাই জিন কন ৷                             তাঈ আহোমৰ নিজ জাতিৰ আদি পূৰ্ব পুৰুষ ছাই-ৰে -ফা,  ছাং দাম্,  ঙি ৰিং খাম,  লেংদন প্ৰমুখ্যে দেৱত্বপ্ৰাপ্ত ঘাই পূৰ্বপুৰুষ ( ফী)  , সকলো জ্ঞাতি মৃতক ( দাম তাং মুৎ,  ) , উপকাৰ দাতা প্ৰাকৃতিক শক্তিৰ ফী সকল সামূহিক ভাৱে জাতীয় পৰম্পৰাগত ভাৱে মে ( তৰ্পণ)  কৰা ধৰ্মীয় অনুষ্ঠানটোকে মে দাম মে ফী বুলি কোৱা হয় ৷ মে দাম মে ফী হ'ল এবিধ বান ফী আৰু এই ৰি তাং ভাগ তাঈ আহোমসকলে পালন কৰাৰ কাৰণ হ'ল —১৷ আমাৰ পু থাও লুং লেং দনৰ লগত জড়িত প্ৰত্যেকজন আহোমৰ বংশলতাডাল আওতাই ৰাখিব পাৰি ৷ ২৷ তাঈ আহোম জাতিটোক নিজস্ব অস্তিত্ব তথা বু ৰন জী সোঁৱৰাই দি জাতিটোক নমৰাকৈ সুৰক্ষিত কৰি ৰাখিব পৰা যায় ৷ ৩৷ কৃষিজীৱি আহোমৰ কৃষিত বিঘিনি নহয় ৪৷ নিজৰ দেশখন সুৰক্ষিত কৰিব পৰা যায় ৫৷ নিজকে নিজক জাতিটোৰ এজ...

কবিতা

" কোনোৱে দূৰতে চায়,  কোনোৱেবা চুই যায় চেনেহ কণিকা বুলি কৰোঁ তাকে ভুল;  সপোন আতৰি গ'লে দিঠকে জনায় দিয়ে বাটৰ কাষৰ মই বননিৰ ফুল ৷ " এনে হোৱাৰ কথা কেতিয়াও নাছিল — সঞ্জীৱ বৰুৱা , শিৱসাগৰ এনে হোৱাৰ কথা কেতিয়াও নাছিল যি বাটত শেৱালি ফুলাৰ কথা আছিল যি বাটত মানুহ,  মানুহ হোৱাৰ কথা আছিল যি বাটত জোনাকত কবিতাৰ বৰষুণ বৈ অহাৰ কথা আছিল ; সেই বাটত এতিয়া আঁউসীৰ জোনাক নামে সেই বাটত এতিয়া মানুহ অঘৰী হয় সেই বাটত এতিয়া বাৰিষাত নিয়ৰ সৰে ৷ এনে হোৱাৰ কথা কেতিয়াও নাছিল যি বাটত সপোনে সপোন দেখাৰ কথা আছিল যি বাটত সপোনে সপোনৰ হাত ধৰাৰ কথা আছিল যি বাটত সেউজীয়াৰ পৰা সেউজীয়া হোৱা কথা আছিল ;  সেই বাটত এতিয়া শীতৰ ৰ'দালিত ধুমুহা নামে সেই বাটত এতিয়া হাজাৰ জোৱাৰৰ বৃষ্টি খহে সেই বাটত এতিয়া হৃদয়ৰ পৰা হৃদয়লৈ ৰক্তৰ সোঁত বলে ৷ এনে হোৱাৰ কথা কেতিয়াও নাছিল য'ত অপেক্ষাৰ অন্ততো অপেক্ষাৰ অন্ত নাছিল য'ত মৃত্যুকো অতিক্ৰম কৰাৰ কথা আছিল য'ত সমুদ্ৰৰ সিপাৰেও সমুদ্ৰ আছিল ; সেই বাটত এতিয়া জীৱনে জীৱনক উপহাস কৰাৰ কিৰিলি সেই বাটত এতিয়া মৃত্যুৱে মৃত্যুক আমন্ত্ৰণ দিয়াৰ বাতৰি ৷ ক...

শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ আদৰ্শৰ প্ৰাসংগিকতা - সঞ্জীৱ বৰুৱা, শিৱসাগৰ

তিনিচুকীয়া মহাবিদ্যালয়ৰ বিজ্ঞানৰ স্নাতক আৰু তিনিচুকীয়া কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ বিদ্যুত বিভাগৰ প্ৰশিক্ষণ সমাপ্ত কৰা নিৰ্ভীক, অমায়িক স্বভাৱৰ ডিম্বেশ্বৰ গগৈক লক্ষীপথাৰত নিৰ্মম ভাৱে স্বাধীন অসমৰ সপোন দেখা বিপ্লৱী সংগঠন আলফাই হত্যা কৰিছিল ৷ কিয় হত্যা কৰিছিল সেইয়া জানিবলৈ আমি ঘুৰি যাব লাগিব ১৯৮৫ ৰ সময়লৈ ৷        ১৯৭৯ চনত প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনৰ নেতৃত্বত অসমত  আৰম্ভ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ বিফল বিদেশী খেদা আন্দোলন  ৷ বিদেশী খেদিব নোৱাৰিলে কিন্তু জন্ম দিলে  নিষ্কৰ্মা অসম গণ পৰিষদ দলক ৷ অগপ আৰু আছুৰ ঔৰসত জন্ম হ'ল স্বাধীন অসমৰ স্বপ্নলৈ বিপ্লৱী সংগঠন আলফাৰ ৷ ১৯৮৯ চনৰ পৰাই অসমত অগপই পৰোক্ষভাৱে আলফাৰ  সহযোগত পাতনি মেলিলে গুপ্তহত্যাৰ দৰে নাৰকীয় হত্যাকাণ্ডৰ ৷ ফলত টাই আহোমৰ তেজেৰে ৰাঙলী হৈছিল অসম ৷ হত্যা কৰা হ'ল বহুজন নিৰীহ ব্যক্তিক ৷ একেসময়তে আলফাই আগবঢ়াইছিল নিজাৰ্তিকৰণৰ দৰে অদ্ভুত তত্বৰ ৷ অৰ্থাৎ আলফাৰ মতে অসমত কেৱল অসমীয়া বাহিৰে জনজাতি, মৰাণ, মটক, টাই আহোম, কোচ, আদিবাসী, সংখ্যালঘু আদিৰ দৰে কোনো জনগোষ্ঠীয় পৰিচয় থাকিব নোৱাৰিব ৷ সেয়েহে আলফাই জন...

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু অসমীয়াৰ ভৱিষ্যত -সঞ্জীৱ বৰুৱা, শিৱসাগৰ

বৰ্তমান অসমত চাৰিওফালে শুনিবলৈ পোৱা গৈছে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ ৷ অৱশ্যে প্ৰতিবাদ কৰাৰ পৰিৱেশ যদি খোদ চৰকাৰখনেই সৃষ্টি কৰে তেনেস্থলত সাধাৰণ জনতাৰ গতি কি হবগৈ ই সহজেই অনুমেয় ৷ অসমৰ প্ৰতিটো জাতীয় সংগঠনেই এই প্ৰতিবাদ সমূহত অংশগ্ৰহণ কৰা একমাত্ৰ কাৰণ হ'ল জাতিদ্ৰোহী চৰকাৰখনে সংসদৰ শীতকালীন অধিবেশনত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৷  এই বিধেয়কৰ বিৰোধীতা কৰি লাখ লাখ জনতা ৰাজপথলৈ ওলাই আহিছে ৷ সংক্ষেপতে বিধেয়কখনৰ মূল কথাখিনি তলত দিয়াধৰণৰ: - বিধেয়ক নং:  ১৭২/২০১৬ নাগৰিকত্ব আইন ১৯৫৫ ৰ সংশোধনীৰুপে ভাৰতীয় প্ৰজাতন্ত্ৰৰ ৬৭ তম বৰ্ষৰ সংসদৰ দ্বাৰা তলত দিয়া দৰে অধিনিয়ত কৰা হওক যে ১ ৷ ( ১ ) এই অধিনিয়ম নাগৰিকত্ব সংশোধনী আইন ২০১৬ বুলি চিহ্নিত হব ৷ ( সংক্ষিপ্ত শিৰোনাম আৰু আগকথা) ( ২ ) কেন্দ্ৰীয় চৰকাৰে ৰাজপ্ৰত্ৰত ঘোষণা কৰা দিনাৰ পৰাই এই আইন বলবৎ হব ৷ ২৷ ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ( ইয়াৰ পাছৰ পৰা মূল আইন বুলি উল্লিখিত)  , ২য় শাখা,  অণুশাখা ( ১ ) খৰ পাছত তলত দিয়া অংশ অন্তভুৰ্ক্ত কৰা হওক, " আফগানিস্তান,  পাকিস্তান আৰু বাংলাদেশৰ হিন্দু,  শিখ,  জৈন,  বৌদ্ধ,...