নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু অসমীয়াৰ ভৱিষ্যত -সঞ্জীৱ বৰুৱা, শিৱসাগৰ


বৰ্তমান অসমত চাৰিওফালে শুনিবলৈ পোৱা গৈছে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ ৷ অৱশ্যে প্ৰতিবাদ কৰাৰ পৰিৱেশ যদি খোদ চৰকাৰখনেই সৃষ্টি কৰে তেনেস্থলত সাধাৰণ জনতাৰ গতি কি হবগৈ ই সহজেই অনুমেয় ৷ অসমৰ প্ৰতিটো জাতীয় সংগঠনেই এই প্ৰতিবাদ সমূহত অংশগ্ৰহণ কৰা একমাত্ৰ কাৰণ হ'ল জাতিদ্ৰোহী চৰকাৰখনে সংসদৰ শীতকালীন অধিবেশনত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৷  এই বিধেয়কৰ বিৰোধীতা কৰি লাখ লাখ জনতা ৰাজপথলৈ ওলাই আহিছে ৷ সংক্ষেপতে বিধেয়কখনৰ মূল কথাখিনি তলত দিয়াধৰণৰ: -
বিধেয়ক নং:  ১৭২/২০১৬
নাগৰিকত্ব আইন ১৯৫৫ ৰ সংশোধনীৰুপে ভাৰতীয় প্ৰজাতন্ত্ৰৰ ৬৭ তম বৰ্ষৰ সংসদৰ দ্বাৰা তলত দিয়া দৰে অধিনিয়ত কৰা হওক যে
১ ৷ ( ১ ) এই অধিনিয়ম নাগৰিকত্ব সংশোধনী আইন ২০১৬ বুলি চিহ্নিত হব ৷ ( সংক্ষিপ্ত শিৰোনাম আৰু আগকথা)
( ২ ) কেন্দ্ৰীয় চৰকাৰে ৰাজপ্ৰত্ৰত ঘোষণা কৰা দিনাৰ পৰাই এই আইন বলবৎ হব ৷
২৷ ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ( ইয়াৰ পাছৰ পৰা মূল আইন বুলি উল্লিখিত)  , ২য় শাখা,  অণুশাখা ( ১ ) খৰ পাছত তলত দিয়া অংশ অন্তভুৰ্ক্ত কৰা হওক,
" আফগানিস্তান,  পাকিস্তান আৰু বাংলাদেশৰ হিন্দু,  শিখ,  জৈন,  বৌদ্ধ,  পাৰ্চী আৰু খ্ৰীষ্টানধৰ্মী সংখ্যালঘু লোকসকল,  যিসকলৰ " পাছপৰ্ট আইন( ভাৰতলৈ আগমনৰ বাবে)  ১৯২০ - অনুচ্ছেদ " গ " ভাগ ( ৩ ) ৰ অনুভাগ ( ২ ) বা " বিদেশী  আইন - ১৯৪৬ " ৰ পৰা ৰেহাই দিয়া হৈছে,  তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা নহব ৷ ( ২য় অনুচ্ছেদৰ সংশোধন)
৩ ৷ মূল আইনৰ ৭ ( ঘ ) ভাগত অনুচ্ছেদ ( ঘ ) ৰ পাছত তলত দিয়া দফাটো অন্তৰ্ভুক্ত কৰা হব,
" প্ৰৱাসী ভাৰতীয় কাৰ্ডধাৰক সকল,  যিসকলে এই আইনৰ বা আন কোনো ভাৰতীয় আইনৰ কোনো ধাৰা উলংঘন কৰিছে ৷ "
৪ ৷ মূল আইনৰ তৃতীয় অনুসূচীৰ " ঘ " অনুচ্ছেদত তলত দিয়া দফা অন্তৰ্ভুক্ত কৰা হওক -
" আফগানিস্তান,  পাকিস্তান আৰু বাংলাদেশৰ হিন্দু,  শিখ,  জৈন,  বৌদ্ধ,  পাৰ্চী আৰু খ্ৰীষ্টানধৰ্মী সংখ্যালঘু লোকসকলৰ বাবে এই অনুচ্ছেদৰ বাবে প্ৰয়োজন হোৱা সময়সীমা " কমেও ১১ বছৰৰ " ঠাইত " কমেও ৬ বছৰ " বুলি ধৰা হব ৷

দেখাত সৰুযেন লাগিলেও এই বিধেয়কে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ এখন গুৰুত্বপূৰ্ণ আইনৰ বিশেষকৈ " ভাৰতীয় নাগৰিকত্ব আইন ১৯৫৫ " ত কিছুমান গুৰুত্বপূৰ্ণ সংশোধনী আনিব খুজিছে ৷ ১৯৫৫ চনৰ নাগৰিকত্ব আইনমতে তলত উল্লিখিত যিকোনো উপায়েৰে এজন ব্যক্তি ভাৰতীয় নাগৰিক হব পাৰিব—
১৷ জন্ম:  ভাৰতত জন্মগ্ৰহণ কৰিলে ৷
২৷ উত্তৰাধিকাৰ:  মাক - দেউতাক ভাৰতীয় হ'লে ৷
৩৷ পঞ্জীয়ন:  নাগৰিকত্বৰ আবেদন মঞ্জুৰ হ'লে ৷
৪৷ প্ৰাকৃতিকৰণ:  বহুবছৰ ভাৰতত বসবাস কৰা আৰু আনদেশৰ নাগৰিকত্ব নোহোৱা হ'লে ৷
৫৷ অঞ্চল অধিগ্ৰহণ  : ভাৰতে কোনো দেশ বা অঞ্চল জয় কৰিলে ৷

২০১৬ চনৰ সংশোধনী বিধেয়কে আনিব খোজা মূল সংশোধন কেইটা এনেধৰণৰ -
১৷ আফগানিস্তান,  পাকিস্তান আৰু বাংলাদেশৰ হিন্দু,  শিখ,  বৌদ্ধ,  জৈন,  পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলো লোক ভাৰতৰ নাগৰিকত্বৰ যোগ্য হব ৷ উল্লেখযোগ্য যে ইয়াত অনুপ্ৰৱেশকাৰী বুলি লিখা হোৱা নাই ৷
২৷ মূল আইনখনৰ ৪ নং দফা অনুসৰি ভাৰতীয় নাগৰিক হোৱাৰ বাবে কমেও মানুহজন ভাৰতত ১১ বছৰৰ লোকসকলৰ বাবে সেইসীমা ৬ বছৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ ৰাখিছে ৷
৩৷ এই বিধেয়ক সমগ্ৰ দেশতে প্ৰযোজ্য হ'ব ৷

উল্লেখযোগ্য যে এই বিধেয়কখনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰি,  ই পোনছাটেই ভাৰতীয় নিৰপেক্ষতাবাদনীতিক প্ৰত্যাহ্বান জনোওৱাৰ লগতে সংবিধানৰ ১৪ নং দফা ( সমতাৰ অধিকাৰ)  উলংঘা কৰিছে ৷ এই বিধেয়ক গৃহিত হবলৈ হ'লে সংবিধানৰ সংশোধনৰো প্ৰয়োজন হব ৷
দ্বিতীয়তে এই আইনখনৰ দ্বাৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা উল্লিখিত ছয় ধৰ্মাৱলম্বী সকলো অবৈধ বিদেশী নাগৰিকে কেৱল ভাৰতত আশ্ৰয় পোৱাই নহয়,  এজন বৈধ  ভাৰতীয় নাগৰিকৰ সকলো সা-সুবিধা লাভ কৰিব ৷
          এই বিধেয়কখনৰ বিৰুদ্ধে অসমত সৱল প্ৰতিবাদ হোৱাৰ বিপৰীতে দেশৰ অন্য প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন হোৱা নাই ৷ উল্লেখযোগ্য যে লোকসভাত বিধেয়কখন উত্থাপন কৰোঁতে কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰী অমৃত শ্বাহৰ মুখত সঘনে অসমৰ নাম শুনি ঠাৱৰ কৰিব পাৰি যে এই বিধেয়কৰ প্ৰভাৱ অসমতে সৰ্বাধিক পৰিব ৷ ইতিমধ্যে এই বিধেয়ক কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে ৷ তৎস্বত্বেও অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল গাদীৰক্ষাৰ স্বাৰ্থত  বিধেয়কৰ বিৰুদ্ধে মাত মতাৰ সাহস কৰিব পৰা নাই ৷
      এতি়য়া কথা হ'ল অসমে বিদেশী হিন্দুৰ বোজা কিয় বহন কৰিব?  ইতিমধ্যেই ১৯৭১ লৈকে কেন্দ্ৰই অসমক বিদেশীৰ বোজা দি থৈছেই ৷ অসমীয়া জাতি অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত ঐক্য সংহতিৰে গঠন হৈছে ৷ ধৰ্মৰ ভিত্তিত কোনোদিনেই অসমীয়া জাতি গঢ় লৈ উঠা নাছিল ৷ দেখা গৈছে শাসনাধীষ্ঠ চৰকাৰখনে তলে তলে ধৰ্মৰ ভিত্তিত অসমীয়া জাতিটোক নিঃশেষ কৰিবলৈ উঠিপৰি লাগিছে ৷ ইয়াৰ চাক্ষুস প্ৰমাণ এই নাগৰিকত্ব সংশোধনী বিধেয়কখন ৷ এই বিধেয়কখনে ছটা ধৰ্মৰ কথা কলেও প্ৰকৃততে জনসংখ্যাৰ গাঁঠনি ক্ষেত্ৰত বাঙালী সম্প্ৰদায়টোকহে লাভাম্বিত কৰিব ৷  বাঙালী সম্প্ৰদায়টোৰ ইতিহাস খোচৰিলে এনে অসংখ্য প্ৰমাণ ওলাব যিবোৰ সম্পূৰ্ণ অসমীয়া বিৰোধী ৷  প্ৰাকস্বাধীন কালৰ পৰা বৰ্তমানলৈকে অতি সুক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় বাঙালী সম্প্ৰদায়টিৰ একাংশ লোকে বিভিন্ন ঠাইত, বিভিন্ন অঞ্চলত অসমীয়া লোকৰ ওপৰত বৌদ্ধিক, শৈক্ষিক আক্ৰমণ চলাই আহিছে ৷ বাঙালী আগ্ৰাসনৰ ফলশ্ৰুতিতে জন্মভূমিতে অসমীয়াই নিজৰ মাতৃভাষাৰ ৰক্ষাৰ হেতু এসময়ত আন্দোলন কৰিব লগাত পৰিছিল ৷  ইয়াৰ উপৰিও এওঁলোকৰ বহুতেই নিজক অসমীয়া হিচাপে পৰিচয় দিবলৈও নিবিচাৰে ৷ ভাষা-সংস্কৃতি বহুত দূৰৈৰ কথা ৷

এইক্ষেত্ৰত অনস্বীকাৰ্য যে অসমত বসবাস কৰা সকলো বাঙালী সম্প্ৰদায়ৰ লোকে যে অসমীয়া সংস্কৃতিক অৱমাননা কৰে এনে নহয় ৷ তাৰ ভিতৰতো বহুতো লোকে অসমীয়া কৃষ্টি-সংস্কৃতিক আদৰি লৈ নিজকে অসমীয়া বুলি গৌৰৱ কৰে ৷ এইসকলৰ অধিকাংশই কেৱৰ বিৰোধীতা কৰিছে ৷ মন কৰিবলগীয়া যে বৰ্তমান বাঙালী সম্প্ৰদায়ক বিভিন্ন সময়ত উচতাই থকাসকল অধিকাংশই অসমৰ নহয় ৷ পশ্চিম বংগৰ পৰা আহি মূলসূঁতিৰ অসমীয়া হব খোজা বাঙালীসকলক উচতাই সাম্প্ৰদায়িক সংঘৰ্ষৰ পাতনি মেলাই এওঁলোকৰ উদেশ্য ৷
       ইতিমধ্যে কেৱক লৈ সমগ্ৰ ৰাজ্যতে ইয়াৰ প্ৰতিবাদ হৈছে ৷ এই প্ৰতিবাদসমূহে হিংসাত্মক ৰূপ ললে অসমৰ পৰিস্থিতি কেনেধৰণৰ হব, এইটো এটা গুৰুত্বপূৰ্ণ ৷ ভাষা আন্দোলন, বিদেশী বিতাড়নৰ আন্দোলনৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছিল কেৱল অসমীয়া ৷ এটা শিক্ষাবৰ্ষ লোকচান হৈছিল ৷ ফলত আমি পালো কি? অসম চুক্তি, যি চুক্তিৰ কোনো সাংবিধানিক বৈধতা নাই ৷ ১৯৫৫ চনৰ নাগৰিকত্ব আইনক উলংঘা কৰি সম্পাদন কৰা অসম চুক্তিৰ পৰিণতি আজি অসমীয়াই ভোগ কৰিব লগা হৈছে ৷ অসম চুক্তিৰ ভিত্তি বৰ্ষ প্ৰকৃততে হ'ব লাগিছিল ১৯৫১ ৷ ক্ষমতাৰ প্ৰলোভনত আছু নেতৃত্বই ৭১ মানি ললে যদিও সেইসময়ৰ অসমীয়া ৰাইজৰ এইক্ষেত্ৰত সহমত নাছিল ৷ দিল্লীত গৈ গোপনে কৰা এই অসংবিধানিক চুক্তি কেতিয়াও অসমীয়া জাতিৰ দলিল হ'ব নোৱাৰে ৷
       বিশ্বৰ ইতিহাসতে ভাৰতেই হয়তো একমাত্ৰ দেশ যি বিদেশৰ বিদেশীক আমন্ত্ৰণ কৰি আনি নাগৰিকত্ব প্ৰদান কৰি নিজৰ বিপদ চপাব খুজিছে ৷ অসমত বৰ্তমানৰ মুঠ জনসংখ্যাৰ ৩ কোটি ৯ লাখৰ বিপৰীতে নিবনুৱা সংখ্যা ১৯, ৬৩, ৩৭৬ জন ৷ ইয়াৰ উপৰিও বেচৰকাৰী হিচাপত ধৰিলে ৫০ লাখৰো ওপৰ ওলাব ৷ এইদৰে প্ৰত্যেক বছৰে অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈয়ে আছে ৷ কৰ্মসংস্থানৰ অভাৱত অসমৰ ল'ৰাই অতি কম মূল্যৰ বিনিময়ত বহিঃৰাজ্যত শ্ৰমিক ৰুপত নিয়োজিত হব লগাত পৰিছে ৷  চৰকাৰেও নিবনুৱাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত উপযুক্ত আঁচনি গ্ৰহণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷  নিজৰ ৰাজ্যখনৰে অৱস্থা তথৈবচ,  তাৰ পাছতো চৰকাৰী পক্ষৰ বিদেশীক আদৰিবলৈ তৎ নোহোৱা হৈছে ৷
   বৰ্তমান অসমীয়াক কোনো বিদেশীৰ প্ৰয়োজন নাই ৷ জোৰ জবৰদস্তিৰে এই বিধেয়কক আইনলৈ ৰুপান্তৰ কৰিবলৈ চেষ্টা কৰিলে অচিৰেই অসমত যে বিদেশী খেদা আন্দোলন হবই সেইটো নিশ্চিত ৷ ইয়াৰ বাবে একমাত্ৰ দায়ী হ'ব সৰ্বানন্দ সোণোৱালৰ চৰকাৰ ৷ জাতি-মাটিৰ ভেটিৰ সুৰক্ষাৰ কথাৰ ফুলজাৰি মাৰি থকা মুখ্যমন্ত্ৰী জনাৰ ভূমিকাই সকলোকে নিৰাশ কৰিছে ৷ যিসময়ত উত্তৰ-পূৱৰ বাকী ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকলে কেৱৰ বিৰোধ কৰিছে, আৰু আমাৰ জনাই দিল্লীলৈ তাঁত-বাতি কৰি তত পোৱা নাই ৷ এসময়ত শিৰ ফুলাই ফুলাই জাতীয়তাৰ শ্লোগান দিয়া সৰ্বানন্দ সোণোৱাল অসমীয়াৰ এতিয়া জাতীয় শত্ৰু ৰূপে পৰিগণিত হ'বলৈ বেছিদিন নাই ৷ 

Comments

Popular posts from this blog

জয়মতী কুঁৱৰী: অসম বুৰঞ্জীৰ এক সোণালী অধ্যায় ණসঞ্জীৱ বৰুৱা, শিৱসাগৰ

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজনা শ্বহীদ গোমধৰ কোঁৱৰ আৰু কুমৌ কুবান -সঞ্জীৱ বৰুৱা, শিৱসাগৰ

ড° লীলা গগৈ: সোঁৱৰণ