ড° লীলা গগৈ: সোঁৱৰণ
ড° লীলা গগৈ: সোঁৱৰণ
সৰুতেই ঠিক চতুৰ্থমানতেই জীৱনত প্ৰথমবাৰলৈ নিজৰ পাঠ্যপুথিৰ বাহিৰৰ এখন কিতাপৰ সৈতে পৰিচয় হৈছিলোঁ - " জয়মতী কুঁৱৰী আৰু মূলা গাভৰু " ৷ লিখক আছিল লীলা গগৈ ৷ তেখেতেই আছিল ড° লীলা গগৈ ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা ১৯৯৪ চনৰ অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰা এইজনা পণ্ডিতৰ জন্ম হৈছিল ১৯৩০ চনৰ ২৫ নৱেম্বৰৰ দিনা ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ চেৰেকাপাৰত ৷
বুৰঞ্জীবিদ হিচাপে তেখেতৰ সমাদিত, জনপ্ৰিয় গ্ৰন্থখন হ'ল " বেলি মাৰ গ'ল " ৷ ইয়াৰ উপৰিও তেখেতে অসমীয়া সাহিত্যলৈ আগবঢ়াই যোৱা ৰচনাসমুহ হ'ল - বুৰঞ্জীয়ে পৰশা নগৰ, হেৰোৱা দিনৰ কথা, বুৰঞ্জী সাহিত্য, বুৰঞ্জীয়ে কথা কয়, শৰাইঘাটৰ যুদ্ধৰ কথা ৷ গৱেষণামূলক গ্ৰন্থহিচাপে তেখেতৰ ৰচনাসমুহ: আহোম জাতি আৰু অসমীয়ী সংস্কৃতি, বিহু: এটি সমীক্ষা, অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা, সাহিত্য-সংস্কৃতিৰ বুৰঞ্জী, অসমীয়া লোকগীত, অসমীয়া সংস্কৃতি ৷ উপন্যাসিক হিচাপে: নৈ বৈ যায়, নীলাখামৰ চিঠি, ডকাইত কোন আৰু সৰগৰ মুকুতা ৷ ইংৰাজী ভাষাত তেখেতৰ অৱদান: The Khamtis of North East India, The Buranji'S: Historical Literature of Assam, The History of The System of Assam Administration.
শিশু সাহিত্যিক হিচাপে তেখেতৰ মনোৰম ৰচনাসমুহ: খৰা শিয়ালৰ বিয়া, পোনাকণৰ সপোন, লাচিত বৰফুকন, ভাৰতৰ কথা, ৰংমনৰ কথা, সোণতৰা ৷
হাস্যৰসিক হিচাপে ৰচনা সমুহ: কপলিং ছিগা ৰেল, বৃকোদৰ বৰুৱাৰ বিয়া, ঘেৰঘেৰি বাছ, বিয়েৰিং চিঠি, হাঁহি আৰু বাঁহী, মুকলি চিঠি আৰু বিশেষ কি লিখিম ৷
এইজনা অসম হিতৈষীৰে মৃত্যু হৈছিল ১৯৯৪ চনৰ আজিৰ দিনটোতে ৷ তেখেতলৈ সশ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ৷
Comments
Post a Comment