মে দাম মে ফীৰ প্ৰাকক্ষণত আমাৰ দ্বায়বদ্ধতা আৰু কৰণীয় - এক চমু আলোকপাত — সঞ্জীৱ বৰুৱা, শিৱসাগৰ
খ্ৰুপতাঙ বয় মৗ চাও কাও ঐ, বয় তাঙ চূ চাও খাও ফা ছাঙ ফী তাঙ লাই, পুলিন, পুমন, পুনাই, জনাই দাম বয় চূ খাও, বয় তাঙ চূ চাও চাও ফা চাম তাঞ ৰা প তাঙ লাই, বয় তাঙ ছাম ম ম্যুঙ বাই জিন কন ৷
তাঈ আহোমৰ নিজ জাতিৰ আদি পূৰ্ব পুৰুষ ছাই-ৰে -ফা, ছাং দাম্, ঙি ৰিং খাম, লেংদন প্ৰমুখ্যে দেৱত্বপ্ৰাপ্ত ঘাই পূৰ্বপুৰুষ ( ফী) , সকলো জ্ঞাতি মৃতক ( দাম তাং মুৎ, ) , উপকাৰ দাতা প্ৰাকৃতিক শক্তিৰ ফী সকল সামূহিক ভাৱে জাতীয় পৰম্পৰাগত ভাৱে মে ( তৰ্পণ) কৰা ধৰ্মীয় অনুষ্ঠানটোকে মে দাম মে ফী বুলি কোৱা হয় ৷ মে দাম মে ফী হ'ল এবিধ বান ফী আৰু এই ৰি তাং ভাগ তাঈ আহোমসকলে পালন কৰাৰ কাৰণ হ'ল —১৷ আমাৰ পু থাও লুং লেং দনৰ লগত জড়িত প্ৰত্যেকজন আহোমৰ বংশলতাডাল আওতাই ৰাখিব পাৰি ৷ ২৷ তাঈ আহোম জাতিটোক নিজস্ব অস্তিত্ব তথা বু ৰন জী সোঁৱৰাই দি জাতিটোক নমৰাকৈ সুৰক্ষিত কৰি ৰাখিব পৰা যায় ৷ ৩৷ কৃষিজীৱি আহোমৰ কৃষিত বিঘিনি নহয় ৪৷ নিজৰ দেশখন সুৰক্ষিত কৰিব পৰা যায় ৫৷ নিজকে নিজক জাতিটোৰ এজন হিচাপে বাহাল ৰাখিব পৰা যায় ৷৬৷ নিজৰ জাতিটোৰ মাজত ভ্ৰাতৃত্ববোধ বজাই ৰাখিব পৰা যায় ৷ ৭৷ মৃতক সকলৰ প্ৰতি সন্মান জনাব পাৰি ৷ ৮৷ পূৰ্বপুৰুষৰ পূজাৰ জৰিয়তে মহান ফু ৰা জনক উপলব্ধি কৰিব পাৰি ৷
এই মহান উদ্যেশ্যসমূহ আগত ৰাখি আমি মে দাম মে ফীৰ জৰিয়তে শ্ৰদ্ধাৰে তৰ্পণ আগবঢ়াওঁ স্বৰ্গগামী পিতৃ-মাতৃ, পু লিন পুথাও, আমাৰ স্বৰ্গদেউ সকলক একক ফী ৰুপত কল্পনা কৰি নজন প্ৰধান ফী অৰ্থাৎ আমাৰ পূৰ্ব পুৰুষ সকলক — খাওখাম, আই লেঙ দিন, লেং দন, লাংকুৰি, জন চাই হুঙ, চিৎ লাম ছাম, জা চিং ফা, মুৎ কুম্, তাঈ কুম ৷
সাম্প্ৰতিক সময়ত চিন্তনীয় দিশটো হ'ল এই ৰি তাং ভাগ কৰিছোঁ সঁচা কিন্তু আমি কিমানে আহোম হ'বলৈ শিকিছোঁ? প্ৰতিটো জীয়া জাতিৰে নিজা ভাষা-কৃষ্টি , ৰীতিনীতি, ঐতিহ্য পৰম্পৰা আছে ৷ যেতিয়ালৈকে এইখিনি জীৱন্ত অৱস্থাত থাকে, তেতিয়ালৈকে সেই জাতি জীয়াই থাকে; এইবিলাকৰ অভাৱ ঘটিলেই সেই জাতিসত্বাৰ মৃত্যু ঘটে ৷ এসময়ত উন্নত ভাষা-সংস্কৃতি , স্বকীয় ঐতিহ্য, পৰম্পৰাৰে দপদপাই থকা তাই আহোম জাতিটোৰ অস্তিত্ব নিঃশেষ হোৱাৰ পথত ৷ আৰ্যকৰণ আৰু ৰাজনীতিৰ ঘূৰ্ণীপাকত পৰি তাই আহোমৰ স্বকীয় বৈশিষ্ট্য, তাই মংগোলীয় তেজ, ভাৱ, ৰুচি অভিৰুচি নিজস্ব ৰুপ সলায় পৰ অনুগামী হ'ল, যুঁজাৰু শাসক জাতি হৈও ম্লেচ্ছত্ব, শূদ্ৰত্ব আহৰণ কৰি আৰ্যসম্ভূত উচ্চ হিন্দুৰ ঘৃণিত, অৱহেলিত, অস্পৃশ্য হ'ল, স্বকীয় তাই বৈশিষ্ট্যৰ যিখিনি ৰীতিনীতি চলাই আছে তাকো নিজৰ বুলি নাজানি পৰৰ পৰা ধাৰ কৰা বুলি কব পৰা দুটামানৰ জন্ম হ'ল ৷ মুঠ কথাত ক'বলৈ গ'লে নিচেই অলপমান স্ববৈশিষ্ট্যৰ বাদে আজি আহোমৰ স্বকীয় সকলো হেৰাল ৷ আহোম ঘৰত জন্ম লৈ কেৱল উপাধি কেইটা লিখাৰ বাহিৰে আহোমৰ আজি লাও লোৱা অৱস্থা ৷
নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ'লে আৰ্যকৰণৰ পাকচক্ৰৰ পৰা নিজক মুক্ত কৰি আৰ্যকৰণৰ ঢাকনি গুচাই নিজা ধৰ্ম সংস্কৃতিক অনুকৰণ কৰিব লাগিব ৷ তাৰ বাবে লাগিব স্বকীয় ভাষা সাহিত্য চৰ্চাৰ, স্বকীয় ৰীতি-নীতি পালন কৰাৰ ৷ এইখিনি পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিবলৈকে জন্ম হৈছে ডয় পাটকাই সমাজৰ ৷ এই সমাজৰ কোনো ৰাজনৈতিক উদেশ্য নাই আৰু ৰাজনীতিৰ লগত সম্পৰ্কও নাই ৷ নিজক আহোম হিচাপে বচাই ৰাখি অসমীয়া হৈ থকাটোহে আমাৰ লক্ষ্য, পৰৰ প্ৰতি বিদ্বেষ, অপ্ৰীতি, সংঘাত সৃষ্টি আমাৰ উদেশ্য নহয় ৷ আমি বিছিন্নবাদীও নহয় ৷ এটা ইতিহাস প্ৰসিদ্ধ জাতিৰ ধ্বজ্বাবাহক তথা চাও লুঙ ছ্যু কা ফাৰ পৰিনাতি হিচাপে আমি কৰিবলগীয়া বহু কাম আছে ৷ এক বৃহৎ অসমীয়া জাতিসত্বাৰ অন্তভুক্ত হৈও আমি নিজক আহোম হিচাপে প্ৰতিষ্ঠা কৰাৰ সময় সমাগত ৷ তাঈ আহোমৰ ভাষা, ধৰ্ম, সংস্কৃতি সকলো আদৰি লৈ আমি নিজক টনকীয়াল কৰিব লাগিব ৷ বহুতৰ মতে ধৰ্মটোক একাষৰীয়া কৰি আমি কেৱল ভাষা সংস্কৃতিৰ মাধ্যমত সমগ্ৰ আহোম জাতিটোক পুনৰুদ্ধাৰ কৰিব পাৰিম ৷ কিন্তু সংস্কৃতিৰ লগত ধৰ্মৰ আঁতডাল চিঙি পেলোৱাটো কিমান যুক্তিকৰ ৷ আনহাতে লোক সংস্কৃতিৰ বিকাশৰ অন্তৰালত ধৰ্মৰ প্ৰভাৱ যে নাই তাক নুই কৰিব নোৱাৰি ৷ অলপ আগবাঢ়ি যদি আমি লোক সংস্কৃতিৰ ইতিহাসলৈ ওভতি চাও দেখিম যে প্ৰতিটো জনগোষ্ঠীৰ নৃত্য-গীতৰ লগত তেওঁলোকৰ ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে ৷ উদাহৰণ স্বৰুপে তাঈ আহোমৰ লাই লুঙ খাম্ নৃত্যটোক যদি আমি ভালদৰে অধ্যয়ন কৰোঁ দেখিম যে আমাৰ প্ৰাকৃতিক ফী প ফী ছ্যুৰ সন্তুষ্টিৰ কাৰণেহে এই নৃত্য কৰা হৈছিল ৷ গতিকেই ভাষা সংস্কৃতিৰ সমান্তৰালকৈ আমি আহোমৰ ফুৰালুঙ ধৰ্মটোকো আগবঢ়াই নিব লাগিব ৷
পৰিতাপৰ বিষয় এই যে আজিকালি আহোমসকলে নিজৰ জাতীয় সাজপাৰ পিন্ধিবলৈ লাজ পাই ৷ বিশেষকৈ নাৰীৰ ক্ষেত্ৰত আহোমৰ সাজপাৰৰ অনন্য দিশ হ'ল আবোৰতা ৷ ৰিহা, চেলেঙ চাদৰৰ ব্যৱহাৰে এগৰাকী নাৰীক যি সৌন্দৰ্য দান কৰে সেইয়া আজিৰ তাৰিখত দুৰ্লভ ৷ গতিকে সকলোলৈ অনুৰোধ নিজৰ কৃষ্টি সংস্কৃতিক চিনি পাবলৈ শিকক আৰু নিজক আহোম হিচাপে পৰিচয় দিয়ক ৷ এটা শুভলক্ষণ যে নৱ প্ৰজন্মৰ অধিকাংশৰ মাজত নিজৰ জাতীয় চেতনাই গা কৰি উঠিছে ৷ এটা কথা মন কৰিবলগীয়া যে জাতিগত চেতনা অবিহনে কোনো এটা জাতিয়ে উন্নতি কৰিব নোৱাৰে ৷ নিজৰ সকলো কৃষ্টি সংস্কৃতি ধৰ্ম আদৰি নলৈ যদি আমি কেৱল মে দাম মে ফীহে পাতি থাকো তেন্তে আহোমসকল যে এটা ছশবছৰ ৰাজত্ব কৰা জাতি সকলোৱে পাহৰি পেলাব ৷ নহ'লে অনাগত দিনত আমাৰ নিজৰ উপাধি কেইটাৰ বাদে একো জীয়াই নাথাকিবগৈ ৷
ইয়াৰ মাজতে আমাৰ একশ্ৰেণীৰ জ্ঞাতি আছে ৷ সেইসকলৰ মতবাদ হৈছে সকলো জাতি, উপজাতি মিলি এক অসমীয়া জাতি গঠিত হৈছে গতিকে প্ৰজাতি, সম্প্ৰদায় আদিৰ কথা উলিয়াই ঐক্য সংহতি নষ্ট কৰিব নালাগে - সকলোৱে এক হৈ থাকিব লাগে ৷ আহোমে আহোমৰুপে চিন্তা কৰিলে সাম্প্ৰদায়িকতাৰ ঠেক মনোবৃত্তি প্ৰকাশ পাই- জাতিৰ ঐক্য সংহতি নষ্ট হয়, বিভেদ সৃষ্টি হয় ৷ আহোমেও আহোমত্ব এৰি অসমীয়া ৰুপেহে চলিব লাগে ৷ এইসকলক বুজাই দিয়াৰ প্ৰয়োজন যে অসমত হিন্দুৱে হিন্দুত্ব, ব্ৰাহ্মণে ব্ৰাহ্মণত্ব, বড়োৱে বড়োত্ব বচাই ৰাখিছে, বিৰ্সজন দিয়া নাই ৷ এই প্ৰতিটো সম্প্ৰদায়ে যদি স্বকীয়তা ৰক্ষা কৰাত অসমীয়া জাতিয়তাৰ হানি বিঘিনি হোৱা নাই, ঐক্য সংহতি বিনষ্ট হোৱা নাই, এক অসমীয়া জাতি হিচাপে গঢ়ি উঠিব পাৰিছে, তেন্তে আহোমে আহোমত্ব ৰক্ষা কৰিলেও অসমীয়াৰ একো হানি বিঘিনি নঘটে ৷ সেই সকলক আমাৰ কবৰ প্ৰয়োজন হয় যে সেইসকলে ঐক্য সংহতিৰে এক অসমীয়া জাতি বচাই ৰাখিব খুজিছে তেন্তে কোনোবা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীক নীচ বুলি ঘৃণা কৰা, কোনোবাই কাৰোবাৰ কৃষ্টি- সংস্কৃতি, পৰম্পৰা ধ্বংস কৰি নিজৰটি প্ৰতিষ্ঠা কৰা - কাৰোবাক নীচ সজাই নিজে উচ্চতা দেখুৱাই সেৱা বিচৰা ইত্যাদি বিদ্বেষ সৃষ্টিকাৰী, সংহতি বিনষ্টকাৰী দোষবোৰ অসমৰ পৰা আঁতৰাবলৈ যত্ন কৰক ৷ সেইয়া হ'লেহে সুস্থ সৱল অসমীয়া জাতি ঐক্য সংহতিৰে বাচি থাকিব ৷
পৃথিৱীত আমাৰ আহোমসকলৰ বাদে নিজৰ ধৰ্ম বিৰ্সজন দিয়া কুলক্ষণীয়া জাতি দ্বিতীয় এটা নোলায় বুলি কলেও বঢ়াই কোৱা নহ'ব ৷ আহোমৰ ধৰ্মীয় উপাসনাত কোনো দেৱ-দেৱীৰ স্থান নাই ৷ কেৱল উপৰি পুৰুষৰ প্ৰতি তৰ্পণ কৰি মংগল কামনা কৰাটোৱে হ'ল আহোমৰ প্ৰৱিত্ৰ ধৰ্ম ৷ আৰু এইখিনি কৰিবলৈ আমাক হাজাৰ টকাৰ খৰচৰো প্ৰয়োজন ৷ ধোদৰ দৰে দিনৰ দিনটো হৰিনাম গাই মাহপ্ৰসাদ খোৱাৰ অভ্যাসো আহোমৰ নাছিল ৷ এই ধোদবোৰক লৈ চাও ফা ছ্যু পাত ফাই নিৰ্মাণ কৰি যোৱা ধোদৰ আলিৰ ইতিবৃত্ত আমি পঢ়া উচিত ৷ নিজৰ কৰ্মত বিশ্বাসী আমি আহোমৰ প্ৰতিনিধি ৷ চাও লুঙ ছ়্যু কা ফাৰ তেজৰ শেষ বিন্দু থকালৈকে সকলোৱে নিজক চিনি পাবলৈ শিকক ৷ হৰিনামৰ পাকচক্ৰৰ পৰা ওলাই আহোম হ'বলৈ শিকক, আহোমৰ ধৰ্ম সংস্কৃতিক সন্মান জনাবলৈ শিকক ৷ তেতিয়াহে আমাৰ মে দাম মে ফীৰ অনুষ্ঠিত কৰা মহান লক্ষ্য পূৰণ হ'ব ৷ নহ'লে সকলো নিৰথৰ্ক ৷ হৰিনামৰ মায়াৰ পৰা ওলাব নোৱাৰি কেৱল মদ গাহৰি খোৱাৰ সকামলৈ মে দাম মে ফী ক পৰ্যবেসিত কৰা এচাম মদগৰ্বী আহোমৰ বাবে আজি জাতিটো কোন দিশে গতি কৰিছে আমি বুজি পাইছো ৷ মে দাম মে ফীৰ মহান উদেশ্য নুবুজাকৈ কেৱল পালমৰা কাম কৰি এচামে নিজৰ স্বাৰ্থত আমাৰ এই পৰম্পৰাবোৰৰ বিকৃত ৰুপ দিছে ৷ এইবোৰক বাধা দি মে দাম মে ফীৰ দিনা জাতিটোৰ উন্নতি তথা নৱপ্ৰজন্মৰ বাবে আৰ্কষণীয় আৰু বিশুদ্ধ ৰুপত নিজৰ কৃষ্টি সংস্কৃতিক পৰিবেশন কৰি জাতিৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিবলৈ যত্ন কৰক ৷ নহ'লে আমাৰ পু লিন পুথাও সকলে আমাৰ মংগলৰ সলনি অমংগল যে নঘটাব তাৰ নিশ্চয়তা নাই ৷
ইতিহাসৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰিলে আমি দেখা পাওঁ সূদীৰ্ঘ চল্লিছটা বছৰত তাই আহোমৰ জাগৰণৰ আন্দোলনত বহুতো সংগঠনৰ জন্ম হ'ল ৷ আহোম সভা, পূৰ্বাঞ্চল তাই সাহিত্য সভা, সদৌ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ ইত্যাদিকে ধৰি কিমান সংগঠনৰ জন্ম হ'ল হিচাপ নাই ৷ কিন্তু একমাত্ৰ নেতাসকলৰ ক্ষমতাকেন্দ্ৰীক , আকোৰগোজ মানসিকতাৰ বাবে যেনেধৰণে জাতিটোৰ বিকাশ হব লাগিছিল তেনেদৰে বিশেষ নহ'ল ৷ বৰ্তমানৰ নেতাসকলে পাহৰি গ'ল যে বহুকেইজন পুৰোধা, অগ্ৰজৰ অপৰিসীম কষ্টৰ বিনিময়তহে এই সংগঠনকেইটাৰ জন্ম হৈছিল ৷ সময় থাকোতেই ৰাজনীতিৰ মেৰপেঁচৰ পৰা আমাৰ সংগঠনকেইটা আতৰি স্বজাতিৰ উন্নয়নত গুৰুত্ব দিলেহে জাতিটো কিঞ্চিত লাভ হব বুলি আমি অনুভৱ কৰোঁ ৷ আজি মে দাম মে ফীৰ প্ৰাকক্ষণত জাতিটোক শক্তিশালী ৰুপত আগবঢ়াই নিব পৰা এটি সংগঠনৰ অভাৱ আমি অনুভৱ কৰিছোঁ ৷ বৰ্তমান সংকটৰ সময় ৷ হিন্দুত্বৰ কৰাল গ্ৰাসত পৰি জাতিটোৰ অস্তিত্ব ডুবু ডুবু অৱস্থা ৷ এই অৱস্থাত শক্তিশালী আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰেহে জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিব পাৰিব ৷ আমি একেখন চালিৰ পৰা কিয় আমাৰ কাম কৰিব নোৱাৰোঁ ৷ নিজৰ আত্ম দাম্ভিকতা পৰিহাৰ কৰি সমাজৰ সৎ কামত আত্মনিয়োগ কৰিব পৰা জনহে প্ৰকৃত আহোম ৷ চাও লুঙ ছ্যু কা ফাই গঢ়ি যোৱা এই ম্যুঙ দুন ছুন খামত ঐক্যবদ্ধ প্ৰচেষ্টাৰেহে জাতিটোক আমি ৰক্ষা কৰিব পাৰিম ৷
Comments
Post a Comment