কবিতা
" কোনোৱে দূৰতে চায়, কোনোৱেবা চুই যায়
চেনেহ কণিকা বুলি কৰোঁ তাকে ভুল;
সপোন আতৰি গ'লে দিঠকে জনায় দিয়ে
বাটৰ কাষৰ মই বননিৰ ফুল ৷ "
এনে হোৱাৰ কথা কেতিয়াও নাছিল
— সঞ্জীৱ বৰুৱা , শিৱসাগৰ
এনে হোৱাৰ কথা কেতিয়াও নাছিল
যি বাটত শেৱালি ফুলাৰ কথা আছিল
যি বাটত মানুহ, মানুহ হোৱাৰ কথা আছিল
যি বাটত জোনাকত কবিতাৰ বৰষুণ বৈ অহাৰ কথা আছিল ;
সেই বাটত এতিয়া আঁউসীৰ জোনাক নামে
সেই বাটত এতিয়া মানুহ অঘৰী হয়
সেই বাটত এতিয়া বাৰিষাত নিয়ৰ সৰে ৷
এনে হোৱাৰ কথা কেতিয়াও নাছিল
যি বাটত সপোনে সপোন দেখাৰ কথা আছিল
যি বাটত সপোনে সপোনৰ হাত ধৰাৰ কথা আছিল
যি বাটত সেউজীয়াৰ পৰা সেউজীয়া হোৱা কথা আছিল ;
সেই বাটত এতিয়া শীতৰ ৰ'দালিত ধুমুহা নামে
সেই বাটত এতিয়া হাজাৰ জোৱাৰৰ বৃষ্টি খহে
সেই বাটত এতিয়া হৃদয়ৰ পৰা হৃদয়লৈ ৰক্তৰ সোঁত বলে ৷
এনে হোৱাৰ কথা কেতিয়াও নাছিল
য'ত অপেক্ষাৰ অন্ততো অপেক্ষাৰ অন্ত নাছিল
য'ত মৃত্যুকো অতিক্ৰম কৰাৰ কথা আছিল
য'ত সমুদ্ৰৰ সিপাৰেও সমুদ্ৰ আছিল ;
সেই বাটত এতিয়া জীৱনে জীৱনক উপহাস কৰাৰ কিৰিলি
সেই বাটত এতিয়া মৃত্যুৱে মৃত্যুক আমন্ত্ৰণ দিয়াৰ বাতৰি ৷
ক'ত মোৰ পৃথিৱী
ক'ত?
ৰঙা বেলিৰ ঠিকনাত
হেৰাই যাব নেকি মোৰ পৃথিৱী ৷
চেনেহ কণিকা বুলি কৰোঁ তাকে ভুল;
সপোন আতৰি গ'লে দিঠকে জনায় দিয়ে
বাটৰ কাষৰ মই বননিৰ ফুল ৷ "
এনে হোৱাৰ কথা কেতিয়াও নাছিল
— সঞ্জীৱ বৰুৱা , শিৱসাগৰ
এনে হোৱাৰ কথা কেতিয়াও নাছিল
যি বাটত শেৱালি ফুলাৰ কথা আছিল
যি বাটত মানুহ, মানুহ হোৱাৰ কথা আছিল
যি বাটত জোনাকত কবিতাৰ বৰষুণ বৈ অহাৰ কথা আছিল ;
সেই বাটত এতিয়া আঁউসীৰ জোনাক নামে
সেই বাটত এতিয়া মানুহ অঘৰী হয়
সেই বাটত এতিয়া বাৰিষাত নিয়ৰ সৰে ৷
এনে হোৱাৰ কথা কেতিয়াও নাছিল
যি বাটত সপোনে সপোন দেখাৰ কথা আছিল
যি বাটত সপোনে সপোনৰ হাত ধৰাৰ কথা আছিল
যি বাটত সেউজীয়াৰ পৰা সেউজীয়া হোৱা কথা আছিল ;
সেই বাটত এতিয়া শীতৰ ৰ'দালিত ধুমুহা নামে
সেই বাটত এতিয়া হাজাৰ জোৱাৰৰ বৃষ্টি খহে
সেই বাটত এতিয়া হৃদয়ৰ পৰা হৃদয়লৈ ৰক্তৰ সোঁত বলে ৷
এনে হোৱাৰ কথা কেতিয়াও নাছিল
য'ত অপেক্ষাৰ অন্ততো অপেক্ষাৰ অন্ত নাছিল
য'ত মৃত্যুকো অতিক্ৰম কৰাৰ কথা আছিল
য'ত সমুদ্ৰৰ সিপাৰেও সমুদ্ৰ আছিল ;
সেই বাটত এতিয়া জীৱনে জীৱনক উপহাস কৰাৰ কিৰিলি
সেই বাটত এতিয়া মৃত্যুৱে মৃত্যুক আমন্ত্ৰণ দিয়াৰ বাতৰি ৷
ক'ত মোৰ পৃথিৱী
ক'ত?
ৰঙা বেলিৰ ঠিকনাত
হেৰাই যাব নেকি মোৰ পৃথিৱী ৷
Comments
Post a Comment