ইয়াতে এখন নদী আছিল — সঞ্জীৱ বৰুৱা

" আমি জানো কি বেদনা
অসংখ্যৰ মৃত্যুৰ সেতু
তাৰ ওপৰেদি
জীৱনৰ সৰীসৃপ আহিছে বগাই
আৰু বা বিলৈ আছে
কোনে ক'ব
এই এটা সাধু আজিওতো শেষ হোৱা নাই  | "
                          - নৱকান্ত বৰুৱা


ইয়াত এখন নদী আছিল

— সঞ্জীৱ বৰুৱা
_____________________________

ইয়াতে এখন নদী আছিল
সোণালী পাথৰত বাখৰ খটোৱা
পানীৰ সোৱাদ
ভাৱিব নোৱাৰাকৈ লুণীয়া।

এটা সময় আছিল
যাৰ বক্ষত আমি দেখিছিলো
জীৱনৰ শলিতা।

তেওঁ বিচৰা ক্ষণত আমিবোৰ
যাত্ৰীকৰ যাত্ৰাৰ পথিক
নগ্ন পৃথিৱীৰ এক আধালেখা দস্তাবেজ ।

তাৰ পাছতো নদীখনে ৰিঙিয়াইছিল
  মোক অলপ উশাহ দিয়া.....
সেই সময়তো
আমিবোৰ হৈ পৰিছিলো
পলৰীয়া,
জীৱনৰ পৰা
জীৱাষ্মৰলৈ ৰুপান্তৰ!

এতিয়া নদীখনৰ মৰিশালীটোক মই মাতো
তেওঁ মেঘৰ দেশৰ পৰা মোলৈ চাই
 মই জানো মই হৈ আছো!

ক'ত পাম সেই নদীখন ,
আৱেগ ক্ষণস্থায়ী নে

চাকনৈয়াৰ এটি উশাহত
নদীখনেও বিদায় ললে !

( বহুদিন হ'ল একো নিলিখা, বন্ধু প্ৰাণজিতৰ বাবে লিখিবলৈ চেষ্টা কৰিলোঁ ৷ )

Comments

Popular posts from this blog

জয়মতী কুঁৱৰী: অসম বুৰঞ্জীৰ এক সোণালী অধ্যায় ණসঞ্জীৱ বৰুৱা, শিৱসাগৰ

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজনা শ্বহীদ গোমধৰ কোঁৱৰ আৰু কুমৌ কুবান -সঞ্জীৱ বৰুৱা, শিৱসাগৰ

ড° লীলা গগৈ: সোঁৱৰণ