ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজনা শ্বহীদ গোমধৰ কোঁৱৰ আৰু কুমৌ কুবান -সঞ্জীৱ বৰুৱা, শিৱসাগৰ
২০০০ চনৰ অক্টোবৰ মাহ ৷ সেই সময়ত
পাটসাঁকোত মলুঙৰ সহায়ত মলুং চাও দীন চাংবুন ফুকন
বৰুৱাই অনুবাদ কৰিছিল ত্ৰিশ পৃষ্ঠাযোৰা এখন সাঁচিপাতৰ
পুথি নাম কুমৌ কুবান য‘ত লিপিবদ্ধ হৈছিল গোমধৰ
কোঁৱৰৰ লগতে তেওঁৰ সহযোগী সকলৰ
ভাৰতৰ স্বাধীনতা প্ৰথমখন যুদ্ধৰ বীৰত্ব কাহিনী ৷
সেইপুথিখনৰ লিখক আছিল ফু কে ম খা ম ( থপং) ৷ কুমৌ
কুবানে গোমধৰৰ জন্ম ১৮০৬ চন বুলি কৈছে ৷ দিচাং
নদীৰ পাৰত লাকুৱাত সিদ্ধিনাথ ফেণা কোঁৱৰৰ
ঔৰসত, জুতুলী মাতৃৰ সৰুপুত্ৰ হৈ গোমধৰৰ জন্ম ৷
বুৰঞ্জীয়ে কয় ফেণা কোঁৱৰ বা শেন গোহাঁই
দিহিঙীয়া ফৈদৰ ৰজা চুচেঙফা প্ৰতাপ সিংহৰ সৰু গোহাঁই
ঠালত ফেণা কোঁৱৰৰ জন্ম ৷ তেওঁ নাজিৰা জয়খাম ডং
খাটৰ খাটোৱাল বা ৰাজখোৱা আছিল ৷ কুমৌ কুবানে কয়
গোমধৰ সহযোগী লক্ষেশ্বৰৰ ঘৰো নাজিৰাত
৷ তিনিবছৰ পাটসাঁকোৰ মহছিং বৰুৱাৰ ওচৰত বুৰঞ্জীৰ
শিক্ষা গ্ৰহণ কৰি গোমধৰে বন্ধু ঘিনাই, দুতি,
লক্ষেশ্বৰৰ সৈতে দেশৰ কথা পাতে ৷ এয়ে
আৰম্ভণি, আনফালে দেশৰ পিয়ল কৰি পিয়লীয়া নাম
পোৱা ধনঞ্জয় ভগা বৰগোহাঁয়ে বঙালৰ বিৰুদ্ধে
মানুহ একগোট কৰিছে ৷ পিতৃৰ কলংক মচিবলৈ,
দেশমাতৃক উদ্ধাৰৰ বাবে প্ৰায়শ্চিত্ত কৰিবলৈ ওলাই
আহিছিল বদন বৰফুকনৰ পুত্ৰ পিয়লি ৷ অসমৰ যোৰহাটৰ
তৰতলী নামৰ ঠাইত ভগা ডাঙৰীয়াই সিংহাসন সাজি
গোমধৰক পাটত বহুৱাই স্বৰ্গদেউ গোমধৰ সিংহক
বুলি ঘোষণা কৰিলে ৷ তেওঁলোকে মুখামুখী
আৰু গেৰিলা যুদ্ধৰে বঙালৰ অন্তৰাত্মা কঁপাই তুলিলে ৷
চতুৰ বঙালৰ জালত কোঁৱৰ ধৰা পৰিল ৷ বংগদেশৰ
ৰংপুৰ কাৰাগাৰলৈ চৈধ্যবছৰৰ নিৰ্বাসনত বঙালে কোঁৱৰক
প্ৰেৰণ কৰিলে ৷ চৈধ্য বছৰ নিৰ্বাসনক কটাই কোঁৱৰ
উলটি আহিছিল জন্মভূমিলৈ ৷ অসমৰ স্বাধীনতা যুদ্ধৰ
প্ৰথম জনা শ্বহীদ আজিও অমৰ ৷ আমাৰ আহোম
সকলৰ এটি অভ্যাস " নগুণো নলওঁ গম " দ্বাৰা ক্ৰমশ
গোমধৰ কোঁৱৰৰ দৰে "গম " বোৰ বিস্মৃতিত
আমি এৰি দিছোঁ ৷ গোমধৰ কোঁৱৰৰ ত্যাগে
সৰ্বভাৰতীয় পৰ্যায়ত নোপোৱা কথাষাৰ আমি
জাতীয় চেতনাৰ দৃষ্টিৰে চাবৰ হ'ল ৷ এজন চিপাহীয়ে যদি নিজৰ বৃত্তিগত কাৰণত ইংৰাজৰ বিৰোধীতা কৰি স্বাধীনতা সেনানীৰ নাম লব পাৰে তেন্তে জননীৰ স্বাৰ্থত কাৰাবাস খটা গোমধৰ কোঁৱৰ কিয় ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন সেনানী হব নোৱাৰিব?
Comments
Post a Comment