Posts

Showing posts from 2020

ড° লীলা গগৈ: সোঁৱৰণ

ড° লীলা গগৈ:  সোঁৱৰণ সৰুতেই ঠিক চতুৰ্থমানতেই  জীৱনত প্ৰথমবাৰলৈ নিজৰ পাঠ্যপুথিৰ বাহিৰৰ এখন কিতাপৰ সৈতে পৰিচয় হৈছিলোঁ - " জয়মতী কুঁৱৰী আৰু মূলা গাভৰু " ৷ লিখক আছিল লীলা গগৈ ৷ তেখেতেই আছিল ড° লীলা গগৈ ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা ১৯৯৪ চনৰ অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰা এইজনা পণ্ডিতৰ জন্ম হৈছিল ১৯৩০ চনৰ ২৫ নৱেম্বৰৰ দিনা ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ চেৰেকাপাৰত ৷      বুৰঞ্জীবিদ হিচাপে তেখেতৰ সমাদিত, জনপ্ৰিয় গ্ৰন্থখন হ'ল " বেলি মাৰ গ'ল " ৷ ইয়াৰ উপৰিও তেখেতে অসমীয়া সাহিত্যলৈ আগবঢ়াই যোৱা ৰচনাসমুহ হ'ল - বুৰঞ্জীয়ে পৰশা নগৰ,  হেৰোৱা দিনৰ কথা, বুৰঞ্জী সাহিত্য,  বুৰঞ্জীয়ে কথা কয়, শৰাইঘাটৰ যুদ্ধৰ কথা ৷ গৱেষণামূলক গ্ৰন্থহিচাপে তেখেতৰ ৰচনাসমুহ:  আহোম জাতি আৰু অসমীয়ী সংস্কৃতি,  বিহু: এটি সমীক্ষা,  অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা,  সাহিত্য-সংস্কৃতিৰ বুৰঞ্জী,  অসমীয়া লোকগীত,  অসমীয়া সংস্কৃতি   ৷ উপন্যাসিক হিচাপে:  নৈ বৈ যায়,  নীলাখামৰ চিঠি,  ডকাইত কোন আৰ...

ইয়াতে এখন নদী আছিল — সঞ্জীৱ বৰুৱা

" আমি জানো কি বেদনা অসংখ্যৰ মৃত্যুৰ সেতু তাৰ ওপৰেদি জীৱনৰ সৰীসৃপ আহিছে বগাই আৰু বা বিলৈ আছে কোনে ক'ব এই এটা সাধু আজিওতো শেষ হোৱা নাই  | "                           - নৱকান্ত বৰুৱা ইয়াত এখন নদী আছিল — সঞ্জীৱ বৰুৱা _____________________________ ইয়াতে এখন নদী আছিল সোণালী পাথৰত বাখৰ খটোৱা পানীৰ সোৱাদ ভাৱিব নোৱাৰাকৈ লুণীয়া। এটা সময় আছিল যাৰ বক্ষত আমি দেখিছিলো জীৱনৰ শলিতা। তেওঁ বিচৰা ক্ষণত আমিবোৰ যাত্ৰীকৰ যাত্ৰাৰ পথিক নগ্ন পৃথিৱীৰ এক আধালেখা দস্তাবেজ । তাৰ পাছতো নদীখনে ৰিঙিয়াইছিল   মোক অলপ উশাহ দিয়া..... সেই সময়তো আমিবোৰ হৈ পৰিছিলো পলৰীয়া, জীৱনৰ পৰা জীৱাষ্মৰলৈ ৰুপান্তৰ! এতিয়া নদীখনৰ মৰিশালীটোক মই মাতো তেওঁ মেঘৰ দেশৰ পৰা মোলৈ চাই  মই জানো মই হৈ আছো! ক'ত পাম সেই নদীখন , আৱেগ ক্ষণস্থায়ী নে চাকনৈয়াৰ এটি উশাহত নদীখনেও বিদায় ললে ! ( বহুদিন হ'ল একো নিলিখা, বন্ধু প্ৰাণজিতৰ বাবে লিখিবলৈ চেষ্টা কৰিলোঁ ৷ )

আলি আয়ে লিগাং : বিশ্বাস আৰু পৰম্পৰা — সঞ্জীৱ বৰুৱা, শিৱসাগৰ

চাৰিওফালে প্ৰাকৃতিক ভাৱে নান্দনিক ৰূপত সজীৱ হৈ থকা এই সুবিশাল অসমভূমিৰ মিছিং সকল অন্যতম প্ৰধান জনগোষ্ঠী ৷ নদী মাতৃক দেশ অসম ৷ ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং,সোৱণশিৰি, ধনশিৰি, দিহং, খেৰসুতী, ঘূণাসূঁতি আদি নৈৰ সমূহৰ পলসুৱা ভূমি অঞ্চলতেই এই জনজাতীয় ভাইসকলৰ প্ৰধান বসতিস্থল ৷          অসমৰ প্ৰতিটো জনগোষ্ঠীৰে অধিকাংশ উৎসৱ কৃষি লগত সম্পৰ্কীয় ৷  প্ৰকৃতিৰ বুকুত নাঙলেৰে কৰ্ষণ কৰাৰ আগতেই প্ৰকৃতিৰ সন্তুষ্টিৰ কাৰণে নিজস্ব পদ্ধতিৰে নৈব্যদ্য আগবঢ়াই ৰঙ আনন্দ কৰাটো চিৰাচৰিত প্ৰথা ৷ মিছিং সকলৰো আলি আয়ে লিগাং তেনে একপ্ৰকাৰৰ কৃষিভিত্তিক প্ৰধান জাতীয় উৎসৱ ৷ মিছিং ভাষাত আলি মানে শস্যৰ বীজ , আয়ে ফল, লিগাং মানে ৰোপণ বা সিঁচা কাৰ্য্য ৷ ফাগুন মাহৰ প্ৰথমজাক বৰষুণৰ লগে লগে প্ৰকৃতিৰ বুকুত ন কুঁহিপাতে গজালি মেলে ৷ লাহে লাহে বসন্ত ঋতুৰ আগমনে সকলোৰে মনত আনন্দৰ লহৰে গা কৰি উঠে ৷ এনে সন্ধিক্ষণত ফাগুনৰ প্ৰথম বুধবাৰৰ দিনা মিছিং সকলে আলি আয়ে লিগাং উদযাপন কৰে ৷ তেওঁলোকৰ দৃষ্টিত ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অতি প্ৰৱিত্ৰ দিন ৷ অৱশ্যে পূৰ্বে সকলো মিচিং সমাজত একেদিনাই আলি-আয়ে-লৃগাং পতা নাছিল। মিচিং বা...

মে দাম মে ফীৰ প্ৰাকক্ষণত আমাৰ দ্বায়বদ্ধতা আৰু কৰণীয় - এক চমু আলোকপাত — সঞ্জীৱ বৰুৱা, শিৱসাগৰ

খ্ৰুপতাঙ বয় মৗ চাও কাও ঐ,  বয় তাঙ চূ চাও খাও ফা ছাঙ ফী তাঙ লাই,  পুলিন, পুমন,  পুনাই, জনাই দাম বয় চূ খাও,  বয় তাঙ চূ চাও চাও ফা চাম তাঞ ৰা প তাঙ লাই,  বয় তাঙ ছাম ম ম্যুঙ বাই জিন কন ৷                             তাঈ আহোমৰ নিজ জাতিৰ আদি পূৰ্ব পুৰুষ ছাই-ৰে -ফা,  ছাং দাম্,  ঙি ৰিং খাম,  লেংদন প্ৰমুখ্যে দেৱত্বপ্ৰাপ্ত ঘাই পূৰ্বপুৰুষ ( ফী)  , সকলো জ্ঞাতি মৃতক ( দাম তাং মুৎ,  ) , উপকাৰ দাতা প্ৰাকৃতিক শক্তিৰ ফী সকল সামূহিক ভাৱে জাতীয় পৰম্পৰাগত ভাৱে মে ( তৰ্পণ)  কৰা ধৰ্মীয় অনুষ্ঠানটোকে মে দাম মে ফী বুলি কোৱা হয় ৷ মে দাম মে ফী হ'ল এবিধ বান ফী আৰু এই ৰি তাং ভাগ তাঈ আহোমসকলে পালন কৰাৰ কাৰণ হ'ল —১৷ আমাৰ পু থাও লুং লেং দনৰ লগত জড়িত প্ৰত্যেকজন আহোমৰ বংশলতাডাল আওতাই ৰাখিব পাৰি ৷ ২৷ তাঈ আহোম জাতিটোক নিজস্ব অস্তিত্ব তথা বু ৰন জী সোঁৱৰাই দি জাতিটোক নমৰাকৈ সুৰক্ষিত কৰি ৰাখিব পৰা যায় ৷ ৩৷ কৃষিজীৱি আহোমৰ কৃষিত বিঘিনি নহয় ৪৷ নিজৰ দেশখন সুৰক্ষিত কৰিব পৰা যায় ৫৷ নিজকে নিজক জাতিটোৰ এজ...

কবিতা

" কোনোৱে দূৰতে চায়,  কোনোৱেবা চুই যায় চেনেহ কণিকা বুলি কৰোঁ তাকে ভুল;  সপোন আতৰি গ'লে দিঠকে জনায় দিয়ে বাটৰ কাষৰ মই বননিৰ ফুল ৷ " এনে হোৱাৰ কথা কেতিয়াও নাছিল — সঞ্জীৱ বৰুৱা , শিৱসাগৰ এনে হোৱাৰ কথা কেতিয়াও নাছিল যি বাটত শেৱালি ফুলাৰ কথা আছিল যি বাটত মানুহ,  মানুহ হোৱাৰ কথা আছিল যি বাটত জোনাকত কবিতাৰ বৰষুণ বৈ অহাৰ কথা আছিল ; সেই বাটত এতিয়া আঁউসীৰ জোনাক নামে সেই বাটত এতিয়া মানুহ অঘৰী হয় সেই বাটত এতিয়া বাৰিষাত নিয়ৰ সৰে ৷ এনে হোৱাৰ কথা কেতিয়াও নাছিল যি বাটত সপোনে সপোন দেখাৰ কথা আছিল যি বাটত সপোনে সপোনৰ হাত ধৰাৰ কথা আছিল যি বাটত সেউজীয়াৰ পৰা সেউজীয়া হোৱা কথা আছিল ;  সেই বাটত এতিয়া শীতৰ ৰ'দালিত ধুমুহা নামে সেই বাটত এতিয়া হাজাৰ জোৱাৰৰ বৃষ্টি খহে সেই বাটত এতিয়া হৃদয়ৰ পৰা হৃদয়লৈ ৰক্তৰ সোঁত বলে ৷ এনে হোৱাৰ কথা কেতিয়াও নাছিল য'ত অপেক্ষাৰ অন্ততো অপেক্ষাৰ অন্ত নাছিল য'ত মৃত্যুকো অতিক্ৰম কৰাৰ কথা আছিল য'ত সমুদ্ৰৰ সিপাৰেও সমুদ্ৰ আছিল ; সেই বাটত এতিয়া জীৱনে জীৱনক উপহাস কৰাৰ কিৰিলি সেই বাটত এতিয়া মৃত্যুৱে মৃত্যুক আমন্ত্ৰণ দিয়াৰ বাতৰি ৷ ক...