অসম বুৰঞ্জীৰ মহানায়ক লাচিত বৰফুকন : এক বস্তুনিষ্ঠ বিশ্লেষণ, -সঞ্জীৱ বৰুৱা , শিৱসাগৰ
লাচিত বৰফুকনৰ নাম নুশুনা মানুহৰ অভাৱ এই অসমমুলুকত বোধকৰো কোনো নোলাব ৷ যিটো কাৰ্য্যৰ কাৰণে আমি লাচিত বৰফুকনক মনত পেলাও, সেইটোৱেই হ'ল লাচিতে দেশৰ কাৰণে নিজৰ মোমায়েকক কাটিছিল? ? কিন্তু বুৰঞ্জীৰ কোনখন সাঁচিপতীয়া পুথিত এই যুদ্ধৰ বিৱৰণ আছিল, প্ৰকৃততেই লাচিতে মোমায়েকক কাটিছিলনে? লাচিতৰ দৰে এজন দূৰদৰ্শী সেনাপতিয়ে দেশৰ স্বাধীনতাৰ লগত জড়িত গড়টো নিৰ্মাণ কৰিবলৈ কেৱল চুড়ান্ত সময়খিনিলৈ ৰাখি থোৱাটো সম্ভৱ হব পাৰেনে? মধ্য যুগৰ অসমত সেই সময়ত প্ৰযুক্তিৰ উন্নতিয়েই হৈছিল কিমান? ইত্যাদি বিভিন্ন প্ৰশ্নৰ সন্নুখীন হৈছিলো নিজৰ মাজত ৷ লাচিতৰ ওপৰত অধ্যয়নৰ তাগিদাৰ বাবেই মোৰ এই লেখাটিৰ আৰম্ভণি ৷
মধ্য যুগৰ অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰকাশিত বুৰঞ্জী আৰু সাময়িক লেখনী সমূহ বিচাৰ কৰিলে দেখা পোৱা যায় নগন্য সংখ্যক লেখকৰ সৰহভাগেই আহোম ৰাজত্বৰ শেষৰ ফালে বৃটিছৰ শাসনৰ কালত অসমীয়া ভাষাত লিখিত বুৰঞ্জীৰ তথ্যৰ ওপৰত আধাৰিত ৷ এই লেখনীসমূহ গৰিষ্ঠ সংখ্যকেই প্ৰক্ষিপ্ত, পক্ষপাত দুষ্ট, বস্তুনিষ্ঠতাবিহীন ৷ বুৰঞ্জীৰ ক্লাচিক পাণ্ডুলিপিবোৰ যিবিলাকৰ প্ৰাথমিক আধাৰ গ্ৰন্থ হোৱাৰ সম্ভাৱনা আছিল, সম্পাদনাৰ নামত কিছুমান আধাৰহীন আৰু জনশ্ৰুতিৰ তথ্য প্ৰক্ষেপণ কৰি কেইজনমান তথাকথিত বুৰঞ্জীবিদে কেনেদৰে মৌলিকতা বিনষ্ট কৰি এইবিলাকৰ প্ৰাথমিক আধাৰ ( primrary source) হ'ব পৰা সম্ভাৱনাক চিৰদিনৰ বাবে নষ্ট কৰিলে সেই কথা " বুৰঞ্জী বিতৰ্ক " গ্ৰন্থত লক্ষীনাথ তামুলীয়ে প্ৰমাণ কৰিছে ৷
সেয়েহে মধ্যযুগৰ অসমৰ সঠিক আৰু পূৰ্ণাংগ প্ৰতিচ্ছবি পাবলৈ হ'লে সেই যুগৰ প্ৰাথমিক আধাৰ সমূহ আমি অধ্যয়ন কৰিবই লাগিব ৷ যিহেতু মধ্যযুগৰ অসমৰ ইতিহাসৰ সকলো ঘটনাৰ বিৱৰণ আছে টাই আহোম ভাষাত ৰচিত সাঁচিপতীয়া বুৰঞ্জী " লিক-খৗ- মৗং ডুন ছুন খামত " ৷ গতিকে মধ্যযুগৰ অসমৰ সমাজ ব্যৱস্থা অথৱা যিকোনো ৰাজনৈতিক ( ধৰ্মীয়) দিশত পৰ্য্যালোচনা কৰাৰ আগত এজন ইতিহাসবিদ সম্পূৰ্ণৰুপে টাই আহোম ভাষাত পাৰ্গত হ'বই লাগিব ৷ এইখিনি বৌদ্ধিক কছৰৎ যদি এজন ইতিহাসবিদে কৰিবলৈ অপাৰগ হয় তেন্তে তেনে ইতিহাসবিদে হাজাৰ বছৰতো মধ্যযুগৰ অসমৰ সম্পৰ্কে সঠিক তথ্য দিব নোৱাৰিব, ই ধ্ৰুৱ সত্য ৷
মধ্য যুগৰ অসমৰ ইতিহাস সম্পৰ্কীয় লেখনিসমূহৰ স্বাধীনোত্তৰ কালৰ পৰা বৰ্তমানেলৈকে গৰিষ্ঠসংখ্যক লেখনিয়ে ইতিহাস গৱেষণাৰ সূত্ৰৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ যিকোনো গৱেষণাৰ ফলাফল নিৰ্ভৰ কৰে কেৱল প্ৰাথমিক আধাৰ সমূহৰ ওপৰত ৷ মধ্যযুগৰ অসমৰ ইতিহাস সম্পৰ্কীয় মূখ্য প্ৰাথমিক আধাৰ হ'ল " লিক্-খৗ-মৗঙ ডুন ছুন খাম যিখনক ৰাজবুৰঞ্জী নামেৰে জনা যায় ৷ ৰাজবুৰঞ্জীত তিনিটা বৃহৎ পাণ্ডুলিপি আছে ৷ প্ৰতিখনতে চাও লৗং ছৗ কা ফা ৰাজত্বকালৰ পৰা স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজত্ব কাললৈকে বিৱৰণ আছে ৷ ইয়াৰ উপৰিও সাঁচিপতীয়া অন্যান্য বুৰঞ্জীসমূহ লিক্ খৗ ছৗ কা ফা, লিক খৗ চাও ফা, লিক খৗ মৗঙ, লিক খৗ মৗঙ লুক চাও ফা ছৗ ছেং ফা টী ফা ছৗ টাম লা, লিক্ খৗ মহুং চাংবুন মপ্লং, কু-মৗ-কু-বান আছে, যিবোৰ অদ্যপি পোহৰলৈ অহা নাই ৷ পৰিতাপৰ বিষয় এইযে আজিলৈকে কোনো এজন ইতিহাসবিদে এই বুৰঞ্জীসমূহ অনুবাদ কৰাৰ প্ৰয়াস কৰা দেখা নগ'ল ৷ টাই আহোম ভাষাত লিখিত এই বুৰঞ্জীসমূহ কেৱল টাই আহোমৰে নহয়, এইবিলাক সমগ্ৰ অসমীয়া জাতিটোৰ ইতিহাস ৷ মধ্য যুগৰ অসমৰ সামগ্ৰিক দলিল ৷
লাচিত বৰফুকন ছশবছৰীয়া আহোম ৰাজত্বৰ ইতিহাসত উজ্বল নক্ষত্ৰ ৷ ছৗ পুং মৗং স্বৰ্গদেৱৰ দিনৰ লামফিমা বংশৰ বৰবৰুৱাৰ সন্তান লাচিত ফুকনে ফুকন লুং ( বৰফুকন ) পদৱী পাই নৱমজন বৰফুকন ৰুপে পৰিগণিত হয় ৷ বিখ্যাত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ ৰণকৌশল, বীৰত্ব আৰু বিচক্ষণতাৰ বাবেই ৰজা ৰামসিংহৰ নেতৃত্বত অহা প্ৰবল পৰাক্ৰমী মোগল বাহিনীক পৰাজিত কৰাৰ লগতে এই শৰাইঘাটৰ বিখ্যাত যুদ্ধই লাচিত বৰফুকনক ইতিহাসৰ পাতত তথা বিশ্ববাসীৰ সন্মুখত অমৰ কৰি তুলিলে ৷
লাচিত বৰফুকনৰ সন্দৰ্ভত টাই আহোম ভাষা অধ্যয়নৰ বৌদ্ধিক কছৰৎ নকৰাকৈ জনশ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰি মনেসজা কথা যোগ দি আহোম বুৰঞ্জীৰ ব্যাখ্যা দিবলৈ যোৱা কিছুমান তথাকথিত পৰম্পৰাবাদী বুৰঞ্জীবিদৰ বাবে লাচিত বৰফুকনৰ বংশ পৰিচয় সম্পৰ্কে কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷ এই বিৰ্তকসমূহত নোসোমাই সাঁচিপতীয়া পুথিত কেনেদৰে লাচিতৰ বিৱৰণ আছে তাক চোৱাৰ প্ৰয়াসেৰে আমি ৰাজবুৰঞ্জীৰ ১৭৯ পৃষ্ঠাত আমি পাওঁ—
" সেই বছৰেই ডৗন চিত মাহত স্বৰ্গদেৱে লানফিমা বংশৰ বৰবৰুৱাৰ পু্ত্ৰ লাচিত বৰফুকনক কলিয়াবৰলৈ গৈ দূৰ্গ এটা বনাবলৈ কলে ৷ তেওঁ তালৈ গৈ উদুমাৰিঙৰ পোতাকলঙত এটা দূৰ্গ বনালে ৷ "
উক্ত তথ্যৰ পৰা বুজা যায় যে , লাচিত বৰফুকন হৈছে মৗঙ মাও লুঙৰ পৰা চাও ফা চাও লুঙ ছৗ কা ফাৰ লগত অহা লানফিমা বংশৰ পৰিনাতি ৷ আৰু লাচিত বৰফুকনৰ পিতৃৰ পদবী আছিল " ফূ কে লুং "অৰ্থাৎ মোমাই তামুলী বৰবৰুৱাৰ সন্তান আছিল ৷
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ লগে লগে আহোম ৰাজত্বৰ ইতি পৰিছিল ৷ লগে লগে টাই আহোমসকলৰ মাজত টাই আহোম ভাষাৰ চৰ্চা কমি আহিছিল ৷ ক্ৰমশঃ অধ্যয়নৰ অভাৱত টাই আহোম ভাষাটো মুষ্টিমেয় তিনিটা ফৈদৰ মাজত আৱদ্ধ হৈ পৰিছিল ৷ সমান্তৰাল অসম বুৰঞ্জীৰ ওপৰত গৱেষণা, আলোচনা ইত্যাদি আৰম্ভ হ'বলৈ ধৰিছিল ৷ টাই ভাষাৰ জ্ঞানৰ অবিহনেও গৰিষ্ঠসংখ্যক বুদ্ধিজীৱিয়ে অসম বুৰঞ্জীৰ ওপৰত কলম চলাবলৈ আৰম্ভ কৰিছিল ৷ মনেসজা, জনশ্ৰুতি, বিভ্ৰান্তিকৰ তথ্য সন্নিবিষ্ট কৰি এইসকলে পৰম্পৰাবাদী বুৰঞ্জীবিদে লাচিত বৰফুকনক নিজক মোমায়েক হত্যাকাৰীৰুপত স্থাপিত কৰি আহোম বুৰঞ্জীৰ সত্যতাক চুড়ান্ত ভাৱে অৱমাননা কৰিলে ৷ এই জঘন্য কৰ্মকাণ্ডৰ সমালোচনা কৰি আজিৰ পৰা দুই দশকৰ আগতে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত ড° নোমলচন্দ্ৰ গগৈয়ে লাচিত বৰফুকন সম্পৰ্কীয় ঐতিহাসিক তথ্যৰ কিছুমান টাই ভাষা জ্ঞানহীন বুৰঞ্জীবিদে কাল্পনিক তথ্য প্ৰক্ষেপ কৰা কাৰ্য্যৰ বিষয়ে এনেদৰে লিখিছিল —
" মোমাই তামুলী বৰবৰুৱা আৰু লাচিত বৰফুকন , এই দুজন বুৰঞ্জী প্ৰসিদ্ধ ৰাজনীতিক তথা সেনাপতিৰ সঁচা কাহিনীক কল্পনাৰ ৰহন সানি সাধু কথালৈ ৰুপান্তৰিত কৰাৰ এক জঘন্য প্ৰচেষ্টা চলি আহিছে ৷ এই দুজন বীৰ পুৰুষ সম্পৰ্কীয় কাহিনীৰ উৎস হৈছে—
১) পদ্মনাথ গোহাঞি বৰুৱাৰ অসম বুৰঞ্জী
২) ক্ষেত্ৰধৰ বৰগোহা়ঞি ৰচনাৱলী
৩) লাচিতৰ কাহিনী, আৱাহন, ১৯৩৬
৪) ৰাংপতা, দূৰবীণ - বেণুধৰ শৰ্মা
৫) লাচিত বৰফুকন নাটক - প্ৰবীন ফুকন
৬) Lachit Borphukan and his times— সূৰ্য কুমাৰ ভূঞা
৭) মহাবীৰ লাচিত বৰফুকন— পদ্মনাভ চলিহা "
মোমাই তামুলী বৰবৰুৱা আৰু লাচিত বৰফুকন সম্পৰ্কে সমস্ত বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰাৰ মূল ব্যক্তিজন হ'ল ক্ষেত্ৰধৰ বৰগোহাঞি ডাঙৰীয়া ৷ তেখেতে সৰ্বপ্ৰথমে লাচিতক দেওঘৰীয়া বিধৱাৰ পিতৃ পৰিচয়হীন সন্তান বুলি অপযশ কৰাৰ উপৰিও অপুত্ৰক মোমাই তামুলী বৰুৱাৰ তোলনীয়া পুত্ৰ সজাইছে ৷ বৰগোহাঞি মতে ভোলাই, মমাই নামৰ দুজন বৰাই তেজত লুতুৰি পুতুৰি হৈ থকা লাচিতক ( লংলেং) মোমাই তামুলীক গতাই দিয়ে ৷ এই লংলেং নামটোৰ পৰাই কালক্ৰমত লাচিতৰ নাম হ'লগৈ বুলি তেওঁ অদ্ভূত যুক্তি দাঙি ধৰিছে ৷ এই অদ্ভূত যুক্তিটোৱে বৰগোহাঞি ডাঙৰীয়াৰ টাই ভাষা জ্ঞানৰ চৰম অজ্ঞতা দাঙি ধৰিছে ৷
লাচিতৰ নামটোৰ অৰ্থ আৰু বুৎপত্তি সম্পৰ্কে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন টাই ভাষাৰ প্ৰৱক্তা চাও মেদিনী মোহন গগৈ পিচাইয়ে টাই আহোম যুৱ পৰিষদৰ স্মৃতিগ্ৰন্থ মহাবীৰ লাচিতত এনেদৰে দাঙি ধৰিছে—
" লাচিত শব্দটো টাই আহোম ভাষাৰ এটি যৌগিক শব্দ ৷ লাচিত শব্দৰ লা হৈছে প্ৰাক্ষৰ আৰু চিত হৈছে অক্ষৰান্ত ৷ টাই ভাষাত এই দুয়োটাৰ একেলগে এক উমৈহতীয়া অৰ্থ আছে আৰু এই উমৈহতীয়া অৰ্থক লৈ লাচিত শব্দটো গঠন হৈছে ৷ এতিয়া চোৱা যাওক লা আৰু চিত শব্দৰ অৰ্থ—
লা- সন্তান
চিত- সপ্তম সংখ্যা, সপ্তম পুত্ৰসূচক শব্দ ৷ "
টাই আহোমসকল দক্ষিণপূূৱ এছিয়াৰ বৃহৎ টাই জাতিৰ ঠাল ৷ টাই সকলৰ পৰম্পৰাগত নামাকৰণ পদ্ধতি অনুসৰি ব্যক্তিৰ নামৰ পৰাও ব্যক্তিজনৰ জাতিগোষ্ঠী, বংশ তথা জন্মসম্পৰ্কীয় বহুকথা বুজিব পাৰি ৷ লাচিত নামটোৱে প্ৰমাণ কৰে যে তেওঁ এজন টাই জনগোষ্ঠীৰ মানুহ আৰু তেওঁ ঘৰখনৰ সপ্তম সন্তান ৷ গতিকে লাচিত বৰফুকন নামৰ ব্যক্তিজন যিজনে শৰাইঘাটৰ ৰণৰ বৰফুকনৰ দ্বায়িত্ব লৈ আহোম সেনাৰ নেতৃত্ব দিছিল, তেওঁ এজন টাই আহোম ব্যক্তি বুলি দৃঢ়তাৰে কব পৰা
যায় ৷
অসমত ইতিহাস চৰ্চাৰ সমৃদ্ধ আৰু গৌৰৱময় ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এটা প্ৰধিধান যুক্তি আগবঢ়াই গৈছে " Tha Ahoms have at least left two legacies to Assam, the sence of the importance of history and of the system of administration " আহোম স্বৰ্গদেউ সকলৰ বুৰঞ্জী লিখিযোৱাৰ পদ্ধতিৰ বাবে আজিৰ তাৰিখত টাই আহোম ভাষাবিদৰ বাবে বুৰঞ্জীৰ সত্যতাক উদ্ধাৰ কৰাটো দূৰুহ কাম নহয় ৷ কিন্তু পৰিতাপৰ বিষয় এইযে ভাষাজ্ঞানৰ অভাৱত উদেশ্যপ্ৰণোদিত ভাৱে অসমীয়া ভাষাত বুৰঞ্জী লিখি আহোম জাতিটোৰ সামগ্ৰিক ইতিহাসক কলংকিত কৰিলে ৷ টাই আহোম ভাষাৰ জ্ঞান থকা হ'লে বেজবৰুৱাৰ দৰে আহোম ৰজাৰ বিষয়বাব খোৱা বংশধৰ সকলে আহোমৰ বিষয়ে ইতিকিং সূচক মন্তব্য নিলিখিলহেঁতেন ৷ এতিয়া আহোঁ মূল বিষয়লৈ ৷
ক্ষেত্ৰধৰ বৰগোহাঞিয়ে " লাচিতৰ কাহিনী " ত লাচিত সম্পৰ্কত লিখিছিল যে চৗ মৗ পুং স্বৰ্গদেউ দিনত শৰাইঘাটৰ যুদ্ধৰ সেনাপতি নিৰ্বাচন বাইলুং আৰু গণকৰ দ্বাৰা মংগল চোৱাই কৰোৱা হৈছিল ৷ লাচিতে হেনো মংগলতীৰ আগত অনুৰোধ কৰিছিল - দেউতা বন্দীৰ নামেৰেও আজি মংগল এখন মৰাই চাবচোন ৷ এই কাহিনী অতিশয় হাস্যকৰ আৰু নিতান্তই অবান্তৰ ৷ ক্ষেত্ৰধৰ বৰগোহাঞিয়ে ইয়াতে ক্ষান্ত নাথাকি লাচিতৰ বীৰত্ব পৰীক্ষাৰ বাবে স্বৰ্গদেউৰ কোনোবা লিগিৰা হতোৱাই মুৰৰ পাগুৰী খহাই এখন ল'ৰাধেমালী কৰা দেখুৱাইছে ৷ এই ঘটনাসমূহ সম্পূৰ্ণ মনে সজা যিহেতু সেইসময়ত পৰিস্থিতিত এইবোৰ সপোনতো ভাৱিব নোৱৰা কথা ৷
পদ্মনাথ গোহাঞি বৰুৱাই অসম বুৰঞ্জীৰ পৃষ্ঠা নং ৫৫ ত লিখিছে— " ইফালে স্বৰ্গদেউ চক্ৰধ্বজসিংহই বছা বছা কাজুৱা আহোম সেনাপতি আৰু বিস্তৰ সৈন্য সামন্তৰ ওপৰত লাচিত ঘোৰাকোঁৱৰক বৰসেনাপতি পাতি, মুছলমানৰ আক্ৰমণ ওফৰাবলৈ গুৱাহাটীত সাজু কৰি ৰাখিলে ৷ "
চাৰিঙীয়া বুৰঞ্জীৰ লিখক বেণুধৰ শৰ্মাই লাচিতৰ জন্মস্থান বিচাৰি পালেগৈ নাজিৰাৰ বামুণ এঘৰত ৷ কিন্তু সেই বামুণৰ বংশগোষ্ঠীৰ সম্পৰ্কত তেওঁ নিমাত ৷ সেইজনাৰ মতে লাচিত " ভাত কাপোৰীয়া ল'ৰা হ'ল ৷ স্বৰ্গদেউৰ চকুত পৰি ৰাজকাৰেঙৰ তামুলী আৰু পিছলৈ প্ৰধান কাৰ্যবাহী বিষয়া বৰবৰুৱা হ'ল ৷ "
সূৰ্যকুমাৰ ভূঞাই কথাৰ পাক সলাই কাহিনীটো এনেকৈ লিখিছিল—
" মোমাই তামুলী বৰবৰুৱাৰ আচল নাম শুকতি ৷ তেওঁ ভাগিনীয়েকৰ ঘৰত চাৰিটকাৰ ৰুপত বন্ধুৱা খেতি কৰিছিল ৷ এদিন স্বৰ্গদেউ প্ৰতাপসিংহ সেইফালে যাওঁতে শুকতিক পথাৰত মনপুতি কাম কৰি থকা দেখিলে ৷ এনেতে ভাগিনীয়েকে শুকতিক মমাই সম্বোধন কৰা শুনি তেওঁৰ নাম " মমাই " বুলি ভাৱিলে ৷ মমাইৰ চাফ চিকুণতা কাম দেখি মুগ্ধ হৈ ভাগিনীয়েকৰ পৰা মোকলাই আনি ৰাজকাৰেঙৰ তামুলী বাব দিলে ৷ "
এইসকল বুৰঞ্জীবিদে লাচিত বৰফুকনৰ পদবী সম্পৰ্কতো বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰিছে ৷ শৰাইঘাটৰ যুদ্ধৰ আগমূহুৰ্ত্ততহে লাচিতে বৰফুকনৰ পদবী লাভ কৰিছিল ৷ সাধাৰণতে আহোম ৰাজতন্ত্ৰৰ পদোন্নতিৰ নিয়ম অনুসাৰে ফুকনৰ পৰাহে বৰফুকনলৈ পদোন্নতি হয় ৷ গতিকে তেওঁলোকে ভৱাৰ দৰে একেজন লাচিতেই ঘোঁৰাকোঁৱৰ, দোলাকাষৰীয়া বৰুৱা, শিমলুগুৰীয়া ফুকন মৰ্যদালৈ উঠানমা কাহিনীটো বুৰঞ্জী সন্মত নহয় ৷
অসমীয়া জাতিৰ জীৱনৰ মৰণৰ সন্ধিক্ষণত বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ ক্ষণতো লাচিতক এজন কাপুৰুষ ৰুপে চিনাকী দিয়াৰ চেষ্টা চলিল ৷ এওঁলোকৰ মতে শৰাইঘাটৰ যুদ্ধত লাচিত নৰীয়া পাটিত ৷ লাচিতে কেৱল নিজৰ চহীয়ালক দাৰে ঘপিয়াই যুদ্ধত প্ৰেৰণা যোগাইছে ৷ সূৰ্য কুমাৰ ভূঞাই আৰু এখোজ আগবাঢ়ি নৰীয়া পাটিত পৰি থকা লাচিতৰ চাল পীৰাখনি চাৰিটি " ভূঞা পোৱালী" য়ে মাৰ নাৱত তুলি দিয়া কাহিনী সংযোজন কৰি নিজৰ সম্প্ৰদায়ক শৰাইঘাটৰ যুদ্ধত অংশগ্ৰহণৰ কৃতিত্ব দিছে ৷
সমসাময়িক প্ৰেক্ষাপটত ইতিহাসৰ আচল সত্যবোৰ প্ৰকাশ কৰা সময় ৷ লাচিত বৰফুকন মধ্যযুগৰ অসমৰ এজন জাতীয় বীৰ আৰু অসমৰ ইতিহাসৰ এক উজ্বল নক্ষত্ৰ ৷ তেখেতৰ কৰ্তব্য, বিচক্ষণতা আৰু ৰণকৌশলৰ ইতিহাস আমি বিশ্ববাসীৰ আগত সঠিকৰুপত উপস্থাপন কৰাটো আমাৰ জাতীয় কৰ্তব্য ৷ আমি মনত ৰাখিব লাগিব যে, প্ৰক্ষিপ্ত আৰু মনে সজা কথাৰে কেৱল গল্প, উপন্যাসহে ৰচনা কৰিব পাৰি কিন্তু ইতিহাস ৰচনা কৰিব নোৱাৰি ৷
অতি শেহতীয়া ভাৱে বিশেষ এটা ৰাজনৈতিক দলে ইতিহাসৰ সৰ্বকালৰ এই শ্ৰেষ্ঠবীৰজনক তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ মাজলৈ টানি অনা আমাৰ দৃষ্টিগোচৰ হৈছে ৷ লাচিত বৰফুকনৰ সেনাপতিত্বত যিখন শৰাইঘাটৰ যুদ্ধ হৈছিল সেইযুদ্ধ হিন্দু মুছলমানৰ যুদ্ধ নাছিল ৷ অসম ৰাষ্ট্ৰৰ স্বাধীনতাৰ ৰক্ষাৰ্থে ভাৰতীয় সৈন্যবাহিনীৰ বিৰুদ্ধে আহোমৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ৷ ধৰ্মীয় দৃষ্টিকোণৰ পৰা লাচিত বৰফুকন হিন্দু নাছিল ৷ শৰাইঘাটৰ যুদ্ধত ইছমাইল ছিদ্দিকি, বাঘ হাজৰিকাৰ দৰে মুছলমান বীৰেও ভাৰতীয় সৈন্যবাহিনীৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছিল ৷ নিজৰ সাম্প্ৰদায়িক ৰাজনীতিত অসমৰ এই বীৰ জনাক টানি আনি অসমত চাও লুঙ ছৗ কা ফাৰ দিনৰ পৰা বিৰাজমান হৈ থকা ধৰ্মনিৰপেক্ষতাৰ ঐক্যতাক বিনষ্ট কৰিবলৈ এই বিশেষ দলটিয়ে অহৰহ প্ৰচেষ্টা চলাই আহিছে ৷ আগন্তুক দিনৰ বাবে এইবোৰ কাৰ্য্য অসমীয়া জাতিটোৰ বাবেই শুভ লক্ষণ নহয় ৷ প্ৰতিজন সচেতন অসমীয়াই এই ধৰ্মীয় গোড়ামিৰ প্ৰতি দৃষ্টি নিদিলে অদূৰ ভৱিষ্যতে জাতিটোৰ শেষকণ অৱশিষ্টও বাচি নাথাকিব সেইয়া নিশ্চিত ৷
বিশেষ কৃতজ্ঞতা : চাও মেদিনী মোহন গগৈ, প্ৰাক্তন প্ৰৱক্তা, টাই ভাষা বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
Comments
Post a Comment