অসম বুৰঞ্জীৰ এক অলিখিত অধ্যায়: দেওৰজাৰ ময় ডাম সঞ্জীৱ বৰুৱা , শিৱসাগৰ
ঐতিহাসিক সমলৰ অবিহনেও প্ৰচলিত জনশ্ৰুতি, কাহিনী আদিৰ আলমটো কিছুমান অলিখিত সত্যৰ উমান পাব পাৰি। উল্লেখনীয় যে প্ৰাক-স্বাধীন কালত অসমীয়া ভাষাত ৰচিত অধিকাংশ অসম বুৰঞ্জীয়েই প্ৰাথমিক তথ্যৰ ওপৰত আধাৰিত নহয়। এই বুৰঞ্জী সমুহৰ গৰিষ্ঠ সংখ্যকেই প্ৰক্ষিপ্ত, পক্ষপাতদুষ্ট আৰু বস্তনিষ্ঠতাবিহীন। টাই আহোম ভাষাৰ পাণ্ডলিপি সমুহ সম্পাদনাৰ নামত কেইজনমান তথাকথিত বুৰঞ্জীবিদে কিছুমান আধাৰবিহীন, জনশ্ৰুতিৰ তথ্য সন্মিবিষ্ট কৰি কেনেদৰে এই বুৰঞ্জীসমুহৰ মৌলিকতা বিনষ্ট কৰিলে সেইকথা লক্ষ্মীনাথ তামুলীয়ে প্ৰমাণ কৰি গৈছে।
আলোচিত বিষয়বস্তু সন্দৰ্ভত বিতৰ্কৰ অৱকাশ থাকিলেও এই কথা সৰ্বজনবিদিত যে আহোম ৰাজসিংহানত অধিষ্ঠিত স্বৰ্গদেউসকলক চেৰায়ডয়(চৰাইদেউ) তহে সমাধিষ্ঠ কৰা নিয়ম আছিল। গতিকে চাৰিং ম'ৰাবজাৰ মৌজাৰ নগাআলিৰ কাষত থকা দেওৰজাৰ ময়ডামে প্ৰমাণ কৰে যে এই ৰজাই আহোম ৰাজসিংহাসনত আৰোহণ কৰা নাছিল। তেন্তে কোন এই দেওৰজা।
আহোম ৰাজতন্ত্ৰত মূল পাঁচটা বংশৰ পৰা ডাঙৰীয়াসকলে এজন স্বৰ্গদেউৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী নিৰ্বাচন কৰিব পাৰিছিল। সেইকেইটা - টুঙখুঙীয়া, নামৰুপীয়া, টিপমীয়া, চাৰিঙিয়া আৰু চামগুৰীয়া। ১৫৫৩ চনত আহোম ৰাজসিংহাসনত অধিষ্ঠিত হৈছিল চাও ছ্যু-খাম-ফা ওৰফে খোৰাৰজা। এইজনাৰ ৰাজত্বকালতে কোচৰজাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল। প্ৰথমবাৰ আক্ৰমণত আহোমৰ হাতত পৰাজয় বৰণ কৰি তেওঁলোক উলটি গৈছিল। দ্বিতীয় বাৰ পুনৰ আহোম ৰাজ্য আক্ৰমণৰ লক্ষ্যৰে পোনপটীয়াকৈ আহোমৰ দিখৌমুখৰ কোঠত আক্ৰমণ চলাইছিল। এই দিখৌমুখৰ সৈন্যবাহিনীৰ নেতৃত্বত আছিল টিপামৰ ৰজা ছূ লেঙ কোঁৱৰ। টিপাম অঞ্চলৰ শাসনৰ দ্বায়িত্বত আছিল ছূ লেঙ কোঁৱৰ। এই কোঁৱৰক সৰুতেই এনাৱেকে ৰক্ষাকৱচ সদৃশ এটা তাবিজ প্ৰদান কৰিছিল। তাবিজৰ বলতেই হওক বা শাৰিৰীক ভাৱেই ছূ লেঙ কোঁৱৰ সাহসী আৰু নিৰ্ভীক আছিল। যুদ্ধত সহজে তেওঁক ঘটোৱাব কোনেও নোৱাৰিছিল। কোচৰ আক্ৰমণৰ সময়তেই দিখৌ নদীত গা ধুই থাকোতে তেওঁৰ সেই কৱচ চিলনীয়ে থাপ মাৰি কোচৰ শিবিৰত পেলাই দিলেগৈ। কোঁৱৰে এই কাণ্ডটো দৈৱৰ বাণী, যুদ্ধত পৰাজয় লক্ষণ বুলি ভাৱি লৈ যুঁজৰ পৰা পিছ হুহুকি আহিল। ফলস্বৰুপে যুঁজত আহোমৰ পৰাজয় ঘটিল। আত্মশোচনাত ছূ লেঙ কোঁৱৰে নিজকে দোষী সাব্যস্ত কৰি ছায়ৰিঙতে ( চাৰিঙ) ময়ডাম সাজি আত্মজাহ দিলে। কেইবাজনো চাৰিঙৰ বয়োবৃদ্ধৰ মতে কোঁৱৰৰ মৃত্যুৰ পাছতো ময়ডামৰ কাষেদি কোনোবা গ'লে কোঁৱৰৰ বিননি শুনা পোৱা গৈছিল।সময়ৰ সোঁতত এই ছূ লেঙ কোঁৱৰৰ ময়ডামেই দেওৰজাৰ ময়ডাম ৰুপে জনাজাত হৈ পৰিল। দুখৰ বিষয়, এই দেওৰজাৰ ময়ডাম আজিও উপেক্ষিত, অৱহেলিত হৈ পৰি আছে। এইয়াই অসমৰ এলাগি ইতিহাস।
তথ্য উৎস:
১/ বৃহৎ তাই জাতি, আহোম বুৰঞ্জী - ৰামেশ্বৰ বড়া
২/ অসম বুৰঞ্জী- চেনেহী বেগম
৩/ দেওধাই অসম বুৰঞ্জী
Comments
Post a Comment