মে দাম মে ফীৰ প্ৰাকক্ষণত আমাৰ দ্বায়বদ্ধতা আৰু কৰণীয় - এক চমু আলোকপাত — সঞ্জীৱ বৰুৱা, শিৱসাগৰ
খ্ৰুপতাঙ বয় মৗ চাও কাও ঐ, বয় তাঙ চূ চাও খাও ফা ছাঙ ফী তাঙ লাই, পুলিন, পুমন, পুনাই, জনাই দাম বয় চূ খাও, বয় তাঙ চূ চাও চাও ফা চাম তাঞ ৰা প তাঙ লাই, বয় তাঙ ছাম ম ম্যুঙ বাই জিন কন ৷ তাঈ আহোমৰ নিজ জাতিৰ আদি পূৰ্ব পুৰুষ ছাই-ৰে -ফা, ছাং দাম্, ঙি ৰিং খাম, লেংদন প্ৰমুখ্যে দেৱত্বপ্ৰাপ্ত ঘাই পূৰ্বপুৰুষ ( ফী) , সকলো জ্ঞাতি মৃতক ( দাম তাং মুৎ, ) , উপকাৰ দাতা প্ৰাকৃতিক শক্তিৰ ফী সকল সামূহিক ভাৱে জাতীয় পৰম্পৰাগত ভাৱে মে ( তৰ্পণ) কৰা ধৰ্মীয় অনুষ্ঠানটোকে মে দাম মে ফী বুলি কোৱা হয় ৷ মে দাম মে ফী হ'ল এবিধ বান ফী আৰু এই ৰি তাং ভাগ তাঈ আহোমসকলে পালন কৰাৰ কাৰণ হ'ল —১৷ আমাৰ পু থাও লুং লেং দনৰ লগত জড়িত প্ৰত্যেকজন আহোমৰ বংশলতাডাল আওতাই ৰাখিব পাৰি ৷ ২৷ তাঈ আহোম জাতিটোক নিজস্ব অস্তিত্ব তথা বু ৰন জী সোঁৱৰাই দি জাতিটোক নমৰাকৈ সুৰক্ষিত কৰি ৰাখিব পৰা যায় ৷ ৩৷ কৃষিজীৱি আহোমৰ কৃষিত বিঘিনি নহয় ৪৷ নিজৰ দেশখন সুৰক্ষিত কৰিব পৰা যায় ৫৷ নিজকে নিজক জাতিটোৰ এজ...