শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ আদৰ্শৰ প্ৰাসংগিকতা - সঞ্জীৱ বৰুৱা, শিৱসাগৰ
তিনিচুকীয়া মহাবিদ্যালয়ৰ বিজ্ঞানৰ স্নাতক আৰু তিনিচুকীয়া কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ বিদ্যুত বিভাগৰ প্ৰশিক্ষণ সমাপ্ত কৰা নিৰ্ভীক, অমায়িক স্বভাৱৰ ডিম্বেশ্বৰ গগৈক লক্ষীপথাৰত নিৰ্মম ভাৱে স্বাধীন অসমৰ সপোন দেখা বিপ্লৱী সংগঠন আলফাই হত্যা কৰিছিল ৷ কিয় হত্যা কৰিছিল সেইয়া জানিবলৈ আমি ঘুৰি যাব লাগিব ১৯৮৫ ৰ সময়লৈ ৷ ১৯৭৯ চনত প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনৰ নেতৃত্বত অসমত আৰম্ভ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ বিফল বিদেশী খেদা আন্দোলন ৷ বিদেশী খেদিব নোৱাৰিলে কিন্তু জন্ম দিলে নিষ্কৰ্মা অসম গণ পৰিষদ দলক ৷ অগপ আৰু আছুৰ ঔৰসত জন্ম হ'ল স্বাধীন অসমৰ স্বপ্নলৈ বিপ্লৱী সংগঠন আলফাৰ ৷ ১৯৮৯ চনৰ পৰাই অসমত অগপই পৰোক্ষভাৱে আলফাৰ সহযোগত পাতনি মেলিলে গুপ্তহত্যাৰ দৰে নাৰকীয় হত্যাকাণ্ডৰ ৷ ফলত টাই আহোমৰ তেজেৰে ৰাঙলী হৈছিল অসম ৷ হত্যা কৰা হ'ল বহুজন নিৰীহ ব্যক্তিক ৷ একেসময়তে আলফাই আগবঢ়াইছিল নিজাৰ্তিকৰণৰ দৰে অদ্ভুত তত্বৰ ৷ অৰ্থাৎ আলফাৰ মতে অসমত কেৱল অসমীয়া বাহিৰে জনজাতি, মৰাণ, মটক, টাই আহোম, কোচ, আদিবাসী, সংখ্যালঘু আদিৰ দৰে কোনো জনগোষ্ঠীয় পৰিচয় থাকিব নোৱাৰিব ৷ সেয়েহে আলফাই জন...